NORTHEAST NOW (Assamese)

আন্তৰ্জাতিক ক্ৰীড়াত ৫ টা স্বৰ্ণপদক অৰ্জন পুত্ৰৰ; গৰ্বিত পিতৃ অভিনেতা মাধৱনে ক’লে, ‘মই কৃতজ্ঞ’

April 17, 2023 10:13 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: April 17, 2023 10:18 am

পানীত নামিলেই সোণ আনে বেদান্ত মাধৱনে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। মালয়েছিয়াত অনুষ্ঠিত হোৱা ইনভিটেশ্যন এজ গ্ৰুপ চেম্পিয়নশ্বিপত অভিনেতা আৰ মাধৱনৰ পুত্ৰই কেৱল এটা নহয়, পাঁচটাকৈ স্বৰ্ণ পদক লাভ কৰে। গৰ্বিত পিতৃয়ে ছ’চিয়েল মিডিয়াত লিখিছে, তেওঁ কৃতজ্ঞ।

‘থ্ৰী ইডিয়টছ’ৰ খ্যাত অভিনেতা আৰ মাধৱনে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পুত্ৰৰ কৃতিত্বৰ ছবি শ্বেয়াৰ কৰি এটা দীঘলীয়া পোষ্ট কৰিছে। এজন আৱেগিক পিতৃয়ে লিখিছে, “ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোক সকলোৰে শুভেচ্ছাৰে ভাৰতৰ বাবে বেদান্তই পাঁচটা সোণৰ পদক লাভ কৰিছে। কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া ইনভিটেশ্যন এজ গ্ৰুপ চেম্পিয়নশ্বিপত বেদান্তাই ৫০ মিটাৰ, ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ১৫০০ মিটাৰ সাঁতোৰ শাখাত স্বৰ্ণ পদক লাভ কৰে। মই উৎফুল্লিত আৰু কৃতজ্ঞ।”

বেদান্ত মাধৱন। ফটো: সংগ্ৰহীত।

অভিনেতাগৰাকীয়ে এনে খবৰ শ্বেয়াৰ কৰাৰ লগে লগে সকলোৱে শুভেচ্ছাৰে উপচাই দিলে বেদান্তক। চলচ্চিত্ৰ জগতৰ তাৰকাৰ লগতে অনুৰাগীসকলেও পিতৃক অভিনন্দন জনায়। তেওঁৰ পুত্ৰই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ মুখ উজ্জ্বল কৰি তুলিছে, তাত মাধৱনৰ কৃতিত্বও কম নহয়! বহুতে অভিনেতাগৰাকীক এনেদৰেই অভিনন্দন জনাইছে।

ইয়াৰ পূৰ্বে খেলো ইণ্ডিয়াৰ প্ৰতিযোগিতাতো ইটোৰ পিছত সিটোকৈ পদক লাভ কৰি বেদান্তই দেশবাসীক আপ্লুত কৰিছিল। অভিনেতাজনৰ পুত্ৰই মুঠ ৭টা পদক লাভ কৰিছিল। ইয়াৰে পাঁচটা আছিল সোণ। তদুপৰি, সাঁতোৰবিদ বেদান্তই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত দেশলৈ পদক কঢ়িয়াই আনিছে।

Related News