NORTHEAST NOW (Assamese)

স্বামী নিক জোনাছক বিবাহ বিচ্ছেদৰ হুমকি প্ৰিয়ংকা চোপ্ৰাৰ!

October 17, 2019 12:50 pm · এন ই নাও নিউজ
Updated: October 17, 2019 2:45 pm

বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ বাবে মাজত মাত্ৰ এটা মাহ। বিবাহ বন্ধনত বান্ধ খোৱাৰ এবছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ কিছুদিন থকা অৱস্থাত দুয়োৰে সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ হোৱা বুলি খবৰ লাভ কৰা গৈছে।

দুয়োৰে মাজত থকা প্ৰেমৰ নিবীড় সম্পৰ্ক এতিয়া বিচ্ছেদলৈ পৰিণত হ’ব বুলি গুজৱ ওলাইছে। এক সূত্ৰই প্ৰকাশ অনুসৰি স্বামী নিক জোনাছৰ কিছুমান কথাত মনোমালিন্য ঘটাত অসম পৰ্য্যটনৰ প্ৰাক্তন ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকাই তেওঁলোকৰ মাজত থকা সকলো সম্পৰ্ক ছেদ কৰাৰ হুংকাৰ দিছে।

লগতে পঢ়ক : বৃহৎ খবৰ! অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ আৰু নহয় প্ৰিয়ংকা চোপ্ৰা

উল্লেখ্য যে বিবাহৰ পিছৰে পৰা মাজে মাজে দুয়োৰে মাজত সম্পৰ্ক বেয়া হোৱা বুলি খবৰ ওলাইছিল যদিও সেয়া অপপ্ৰচাৰ বুলিহে দুয়োৱে মন্তব্য কৰিছিল। কিন্তু এইবাৰ ওলোৱা এই খবৰ কিছু পৰিমানে গম্ভীৰ।

সূত্ৰটোত প্ৰকাশিত খবৰ অনুসৰি, নিক আৰু প্ৰিয়ংকাৰ বৈবাহিক জীৱনত খাম খেয়ালিয়ে দেখা দিছে। কিছুদিনৰ পৰা প্ৰায়ে দুয়োৰে মাজত কিছুমান কথাক লৈ কাজিয়া হৈছে। বিশেষকৈ ব্যস্ত সময়সূচী, পাৰ্টি তথা একেলগে সময় অতিবাহিত কৰিব নোৱাৰাৰ ফলত দুয়োৰে মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে।

নিক-প্ৰিয়ংকাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ প্ৰধান কাৰণটো হ’ল পাৰ্টি। নিকে কাৰ সৈতে পাৰ্টি কৰিব, কিমান সময় পাৰ্টিত থাকিব আদিক লৈ সূত্ৰপাত ঘটে কাজিয়াৰ।

ইফালে বাৰে বাৰে এনেবোৰ প্ৰশ্নৰ সন্মুখীন হোৱাক লৈ সুখী নহয় স্বামী নিক জোনছ। যাৰ বাবে প্ৰিয়ংকাই স্বামীক হুংকাৰ দিছে যে যদি নিকে নিজৰ স্বভাৱ সলনি নকৰে তেন্তে বৈবাহিক সম্পৰ্ক ছেদ কৰিব।

Related News