NORTHEAST NOW (Assamese)

শিৰত তিলক, অন্তৰত ভক্তি : গংগা আৰতিত দেখা গ’ল অভিনেত্ৰী ছানীক

November 18, 2023 8:46 am · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰ টেলিভিশ্যন, মবাইল বা লেপটপৰ স্ক্ৰীণত নহয়; মঞ্চ বা ৰূপালী পৰ্দাতো নহয়, এইবাৰ গংগাৰ পাৰত নতুন ৰূপত দেখা গ’ল জনপ্ৰিয় অভিনেত্ৰী ছানি লিয়নক! 

উত্তৰ প্ৰদেশৰ বাৰাণসী ঘাটত গংগা আৰতি পৰিৱেশন কৰা দেখা গ’ল অভিনেত্ৰী ছানী লিয়নক। অভিনেতা অভিষেক সিঙৰ সৈতে একেলগে গংগা আৰতিৰ সময়ত মা গংগাৰ ওচৰত মূৰ দোৱাই আশীৰ্বাদ ল’লে ছানীয়ে।

গোলাপী ৰঙৰ অনাৰকলি পিন্ধি গংগা মাৰ ওচৰত হাত জোৰ কৰি থকা অৱস্থাত কেমেৰাত বন্দী হ’ল ছানী। বৰ্তমান ভাইৰেল হৈ পৰিছে ছানীৰ গংগা আৰতিৰ ছবি আৰু ভিডিঅ’।

ছানীৰ ডাঙৰকৈ লোৱা চন্দন আৰু সেন্দু্ৰৰ তিলক। ডিঙিত নাৰ্জী ফুলৰ মালা। এইদৰেই অভিনেতা অভিষেক সিঙৰ সৈতে একেলগে গংগা আৰতি কৰি ফটো চেশ্যনো কৰিলে অভিনেত্ৰীগৰাকীয়ে।

জানিব পৰা মতে ছানী লিয়ন আৰু অভিষেক সিং বৰ্তমান নিজৰ গীত ‘থাৰ্ড পাৰ্টি’ৰ প্ৰচাৰত ব্যস্ত। এই গীতটিৰ প্ৰচাৰৰ বাবে তেওঁলোকে বাৰাণসী ভ্ৰমণ কৰিছিল। 

আনহাতে, অভিনেত্ৰীগৰাকীয়ে ইনষ্টা-পোষ্টত লিখিছে যে গংগা আৰতিত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা অনন্য  আছিল। 

‘থাৰ্ড পাৰ্টি’  গীতটিৰ গীতিকাৰ হৈছে অভিষেক নিজে। যোৱা ১৫ নৱেম্বৰত মুক্তি পাইছিল এই গীতটি। পিছদিনা ১৬ নৱেম্বৰত অভিষেক আৰু ছানী লিয়নে গংগা আৰতিত অংশগ্ৰহণ কৰে। অভিনেত্ৰীগৰাকীয়ে নিজেই গংগা আৰতিৰ ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰে।

Related News