NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত আদিবাসী ছাত্ৰ সন্থাৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

September 1, 2020 3:49 pm · মানস প্ৰতিম গগৈ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়া দাবী অসমত বসবাস কৰা আদিবাসীসকলৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰাক দাবী পুনৰ উত্থাপন কৰে।

ইয়াৰ লগতে চলিত বছৰত চাহ বাগিচাৰ শ্ৰমিকসকল মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ বাগিচাৰ শ্ৰমিক সকল ভূমি পট্ৰা প্ৰদান কৰাৰ লগতে চাহ বাগিচাৰ এলেকাৰ চিকিৎসালয়, বিদ্যালয়ৰ সমূহ উন্নত মানদণ্ডৰ ব্যৱস্থা কৰাৰ দাবীত এঘণ্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লাগানে উত্তাল কৰি তোলে।

চলিত বৰ্ষত যদি আদিবাসী ছাত্ৰ সন্থাৰ দাবী সমূহ পূৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিব বুলি জনোৱাৰ লগতে অনাগত দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে আদিবাসীসকলৰ জাতীয় উৎসৱ কৰম পূজাৰ চৰকাৰী ছুটি দিন ঘোষণাৰে দাবীৰে মাৰ্ঘেৰিটাত এক সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্যসূচীয়ো গ্ৰহণ হৈছিল।

Related News