NORTHEAST NOW (Assamese)
অসম

দীঘলীপুখুৰীৰ পাৰৰ পৰিৱৰ্তে প্ৰশাসনে নিৰ্ধাৰণ কৰিলে প্ৰতিবাদী কাৰ্যসূচীৰ নতুন স্থান

Posted by: এন ই নাও নিউজ October 4, 2018 12:27 pm
Dighalipukhuripar protest

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত এতিয়াৰ পৰা কোনো দল-সংগঠনে গ্ৰহণ কৰিব নোৱাৰিব প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰিছে বিকল্প ঠাই। এতিয়াৰ পৰা প্ৰতিবাদকাৰীৰ প্ৰতিবাদস্থল হ’ব চচল।

উল্লেখযোগ্য যে দীঘলীপুখুৰীৰ পাৰত একাংশ দল-সংগঠনে গ্ৰহণ কৰি অহা প্ৰতিবাদী কাৰ্যসূচীৰ বাবে উদ্যানখনৰ প্ৰতি ভাবুকি সৃষ্টিৰ লগতে পৰিৱেশ বিনষ্ট হৈ পৰাৰ প্ৰতি আশংকা প্ৰকাশ কৰিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশাসনক প্ৰতিবাদৰ বাবে নতুন স্থান নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল। আৰু সেই নিৰ্দেশ অনুসৰিয়েই প্ৰশাসনে অসম সাহিত্য সভাৰ প্ৰস্তাৱিত কাৰ্যালয় চৌহদক নতুন প্ৰতিবাদস্থল হিচাপে নিৰ্দ্ধাৰণ কৰিছে।

দীঘলীপুখুৰীৰ পাৰত বিভিন্ন দল-সংগঠনে গ্ৰহণ কৰা একাংশ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ৰাজপথত অভাৱনীয়ভাৱে যান-জঁটৰ সৃষ্টি হোৱা দেখা গৈছিল। প্ৰতিবাদী কাৰ্যসূচী সমূহৰ বাবেই বিভিন্ন সময়ত মহানগৰৰ সৰ্বসাধাৰণ লোক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত আহুকালৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে এনেবোৰ কাৰকৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জিলা প্ৰশাসনে দীঘলীপুখুৰীৰ পৰিৱৰ্তে প্ৰতিবাদৰ বাবে চচলক বিকল্প স্থান হিচাপে নিৰ্ধাৰণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছিল। এতিয়া দীঘলীপুখুৰীৰ পৰা চচললৈ প্ৰতিবাদস্থল স্থানান্তৰিত হোৱা কাৰ্যত সাধাৰণ জনতা তথা মহানগৰীৰ সচেতন লোকসকলে স্বাগতম জনোৱাৰ লগতে বহুতো সমস্যাৰ সমাধান হ’ব বুলি মত প্ৰকাশ কৰে।