NORTHEAST NOW (Assamese)
অসম

ড্ৰাই ডে প্ৰত্যাহাৰ প্ৰশাসনৰ; আজিৰ পৰা গুৱাহাটী মহানগৰীত উপলব্ধ হ’ব সুৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2019 5:46 pm
dry day

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰধিতাৰে সমগ্ৰ অসমকে ধৰি গুৱাহাটী মহানগৰীত চলি থকা তীব্ৰ প্ৰতিবাদৰ বাবে জিলা প্ৰশাসনে গুৱাহাটী (মেট্ৰ’)ত ড্ৰাই ডে ঘোষণা কৰাৰ পাছত আজিৰ পৰা মহানগৰীত পুনৰ উপলব্ধ হ’ব সুৰা।

জিলা প্ৰশাসনে ড্ৰাই ডে প্ৰত্যাহাৰ কৰি আজিৰ পৰা গুৱাহাটীৰ সুৰাৰ বিপনী সমূহত পুনৰ গ্ৰাহকৰ বাবে সুৰা উপলব্ধ হ’ব বুলি ঘোষণা কৰে।

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে সমগ্ৰ গুৱাহাটী মহানগৰীত অগ্নিগৰ্ভ পৰিস্থিতিৰ পাছতে জিলা প্ৰশাসনে সুৰা সেৱন কৰি বহু লোকে হিংসাত্মক প্ৰতিবাদত অংশলোৱাৰ অভিযোগ তুলি ড্ৰাই ডে ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী) আইনৰ প্ৰতিবাদত উত্তাল হৈ পৰা গুৱাহাটী মহানগৰীত ড্ৰাই ডে’ ঘোষণা কৰাৰ উপৰিও ইণ্টাৰনেট সেৱা বাতিল কৰাৰ লগতে সান্ধ্য আইন জাৰি কৰা হৈছিল।

বৃহৎ পৰিমাণত নিৰাপত্তাৰক্ষী মোতায়ন কৰি পৰিস্থিতি কিছু শান্ত কাৰৰ পাছতে আজিৰ পৰা সান্ধ্য আইনো উঠাই লোৱা হৈছে।