NORTHEAST NOW (Assamese)

বিশ্বনাথত কঠোৰ হৈছে আৰক্ষী তথা জিলা প্ৰশাসন, ৰাজপথত নামিছে উপায়ুক্তও

July 10, 2021 6:02 pm · কাজী জেইদুল ইছলাম

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিশ্বনাথ ভ্ৰমণৰ পিছতে কঠোৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন ।

দ্বিতীয় বাৰৰ বাবে বিশ্বনাথ জিলা কণ্টেইনমেন্ট জিলা হিচাপে ঘোষণা কৰাৰ পিছতো বিগত কেইদিন বহু লোকে কাৰ্ফিউ ভংগ কৰা পৰিলক্ষিত হৈছিল ।

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিশ্বনাথ ভ্ৰমণৰ পিছতে বিয়লিৰ পৰা বিশ্বনাথৰ ৰাজপথত আৰক্ষী প্ৰশাসন যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে ।

আজিও বিশ্বনাথ চাৰিআলিৰ ৰাজপথত নিজে ওলাই আহে বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা ।

জিলা উপায়ুক্তকে আদি কৰি জিলা প্ৰশাসনৰ বহু প্ৰশাসনিক বিষয়াই ইতিমধ্যে বিশ্বনাথত তহল দিয়া পৰিলক্ষিত হৈছে।

সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে বিশ্বনাথ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

Related News