NORTHEAST NOW (Assamese)
Popular Stories

পৰকীয়া প্ৰেম, নৃশংস হত্যাকাণ্ড : ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰেম সম্পৰ্কীয় অপৰাধে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2025 2:19 pm

ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্ক। এনে প্ৰেমৰ সম্পৰ্কই ধাৰণ কৰিছে ভয়ংকৰ ‎ৰূপ। সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ নৃশংস তথা দেশ কঁপোৱা হত্যাকাণ্ড। শীতল মগজুৰে ডিঙি ‎চেপি হত্যা, ফুৰিবলৈ গৈ হত্যা, ছুৰীয়ে হানি হত্যা, শৰীৰ টুকুৰা-টুকুৰ কৰিছে প্ৰেমিক-প্ৰেমিকে।


শেহতীয়াকৈ মেঘালয়ত ইন্দুৰৰ ৰাজা ৰঘুবংশীক চোকা অস্ত্ৰৰে হত্যা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ ‎পত্নী সোণম আৰু তিনি হত্যাকাৰীক। শেহতীয়াকৈ ভ্ৰমণৰ সময়ত নিৰুদ্দেশ হৈছিল দম্পতীহাল, ‎তেওঁলোকৰ পৰিত্যক্ত স্কুটিখন এটা জলপ্ৰপাতৰ ওচৰত উদ্ধাৰ হৈছিল। পিছত তাৰ ওচৰতেৰ ৰাজাৰ ‎মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰক্ষীৰ মতে সোণামৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল আৰু অভিযোগ ‎অনুসৰি তেওঁৰ স্বামীক নিৰ্মূল কৰিবলৈ হত্যাকাণ্ডৰ আয়োজন কৰিছিল। ‎


ইফালে দক্ষিণ বেংগালুৰুত ৩৩ বছৰীয়া বিবাহিত মহিলা হৰিণীক নিজৰ ১৫ বছৰীয়া প্ৰেমিকে ছুৰীৰে ১৭ ‎বাৰকৈ হানি হত্যা কৰাৰ ঘটনাও শেহতীয়াকৈ পোহৰলৈ আহিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰেমিক যশাছক। ‎জানিব পৰা মতে, কেইবাবছৰ ধৰি যশাসৰ লগত হৰিণীৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল, যাৰ অন্ত ‎পেলাবলৈ পৰিয়ালে চেষ্টা কৰিছিল। হত্যাকাণ্ডৰ নিশা হৰিণীয়ে প্ৰেমৰ অন্ত পেলোৱাৰ ইচ্ছা প্ৰকাশ কৰি ‎তাইক হত্যা কৰিবলৈ যশাছক প্ৰেৰণা দিয়ে।


একেদৰে বেংগালুৰুৰ অতুল সুভাষে নামৰ এগৰাকী ব্যক্তিয়ে চিপ লৈ আত্মহত্যা কৰে। তেওঁৰ পৰা ‎বিচ্ছেদিত পত্নী আৰু পৰিয়ালৰ হাৰাশাস্তিৰ বাবে নিজৰ জীৱন অন্ত পেলায় অতুল সুভাষে। ইতিমধ্যে ‎মানসিক হাৰাশাস্তিৰ বৰ্ণনা কৰা বিশদ ভিডিঅ’ আৰু টোকা পোহৰলৈ আহিছে। ‎


আন এক ঘটনাত, লণ্ডনৰ পৰা পত্নীক আচৰিত কৰিবলৈ উভতি অহা সৌৰভ ৰাজপুটক বিষাক্ত দ্ৰব্য খুৱাই ‎হত্যা কৰে পত্নী মুস্কান ৰাস্তোগী আৰু তেওঁৰ পৰকীয়া প্ৰেমিক সাহিল শুক্লাই। তাৰপিছত দুই হত্যাকাৰীয়ে ‎তেওঁৰ মৃতদেহটো কাটি প্লাষ্টিকৰ ড্ৰামৰ ভিতৰত চিমেণ্টেৰে বন্ধ কৰি দিয়ে আৰু তেওঁৰ ফোনৰ পৰা প্ৰেৰণ ‎কৰা ভুৱা মেছেজেৰে অপৰাধটো ঢাকিবলৈ চেষ্টা কৰে।
তেবেদৰে, শেহতীয়াকৈ আন এটা ঘটনাও পোহৰলৈ আহিছিল। পুনীত খুৰানা নামৰ এগৰাকী লোকে ‎আত্মহত্যা কৰে। পুনীত খুৰানাৰ আত্মহত্যা কৰাৰ পূৰ্বে পত্নী মণিকা পাহৱা আৰু শহুৰেকে নিৰ্যাতন কৰাৰ ‎কথা বিতংভাবে উল্লেখ কৰি ভিডিঅ’ এৰি গৈছে।


আন এক ঘটনাত, বিয়াৰ মাত্ৰ দুসপ্তাহৰ ভিতৰতে প্ৰগতি নামৰ এগৰাকী মহিলাই ভাড়াতীয়া হত্যাকাৰীক ‎ধন দি নিজৰ স্বামী দিলীপক হত্যা কৰিছিল। প্ৰগতিয়ে পৰকীয়া প্ৰেমিক অনুৰাগৰ সৈতে মিলি এই কাণ্ড ‎সংঘটিত কৰিছিল।

ফৰিদাবাদতো সংঘটিত হৈছে তদ্ৰুপ ঘটনা। স্বামীক হত্যা কৰাৰ অপৰাধত ধৰিলে গ্ৰেপ্তাৰ কৰা হৈছে ‎ৰঞ্জিতা নামৰ এগৰাকী মহিলাক। ৰঞ্জিতাই নিজৰ প্ৰেমিকৰ সৈতে মিলি স্বামী ৰাকেশক হত্যা কৰে। ‎আৰক্ষীৰ আগত ৰঞ্জিতাই জনোৱা মতে, ৰাকেশে নিতৌ মদ্যপান কৰি তেওঁক মাৰপিট কৰিছিল। যাৰ ফলত ‎তেওঁ ৰাকেশক হত্যা কৰে। ৰঞ্জিতা আৰু প্ৰেমিক বিজয়ে ৰাকেশক ডিঙি চেপি হত্যা কৰি মৃতদেহটো নলাত ‎পেলাই দিয়ে।


দিল্লীৰ শ্ৰদ্ধা ৱালকাৰৰ ঘটনাৰ হয়তো সকলোৰে মনত আছে। ২৭ বছৰীয়া শ্ৰদ্ধাক তেওঁৰ লিভ ইন পাৰ্টনাৰ ‎আফতাব আমিন পুনাৱালাই ডিঙি চেপি হত্যা কৰে। এই অপৰাধ লুকুৱাবলৈ আফতাবে শ্ৰদ্ধাৰ শৰীৰটো ৩৫ ‎টা অংগত বিভক্ত কৰে আৰু মুখখন জ্বলাই দিয়ে। আফতাবে মৃতদেহৰ অংগবোৰ ফ্ৰীজত জমা কৰি ৰাখিছিল ‎আৰু সন্দেহৰ পৰা হাত সাৰিবলৈ ৰাতি টুকুৰাবোৰ কেইবা সপ্তাহ ধৰি অৰণ্যত পেলাই দিছিল। হত্যাকাণ্ডৰ ‎কেইবামাহ পিছত এই ঘটনা পোহৰলৈ আহে আৰু আফতাবক গ্ৰেপ্তাৰ কৰা হয়।
একেদৰে মনেছাৰত বাস কৰা গান্ধী নগৰৰ নিবাসী ৩৪ বছৰীয়া স্বামী জিতেন্দৰে নিজৰ পত্নীক হত্যা কৰি ‎মৃতদেহ জ্বলাই অংগ বিচ্ছিন্ন কৰাৰ চেষ্টা কৰে। আৰক্ষীৰ জেৰাত এই স্বীকাৰোক্তি দিয়ে হত্যাকাৰী স্বামী ‎জিতেন্দৰে।