NORTHEAST NOW (Assamese)

হোষ্টেলৰ আবাসীৰ বাবে কঠোৰ নিয়ম জাৰি কৰিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কতৃপক্ষই

May 31, 2023 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীৰ জালুকবাৰী অঞ্চলত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱা দুৰ্ঘটনাৰ পিছতে মহাবিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলৰ বাসীসকলৰ বাবে নতুনকৈ কঠোৰ নিয়ম জাৰি কৰিছে।

বুধবাৰে প্ৰকাশ পোৱা এই নতুন নিয়ম অনুসৰি নিৰ্ধাৰিত সময়ৰ বাহিৰত অনুমতি অবিহনে কেম্পাছৰ বাহিৰত থকা হোষ্টেল আবাসীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

হোষ্টেল আবাসীৰ বাবে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে নিৰ্ধাৰণ কৰা নতুন নিয়মসমূহ তলত উল্লেখ কৰা হ’ল –

কলেজ কৰ্তৃপক্ষই গঠন কৰা বিশেষ দলৰ দ্বাৰা অকৰ্তৃত্বশীল ব্যক্তি আৰু নিষিদ্ধ সামগ্ৰীৰ উপস্থিতি নিয়মীয়াকৈ পৰীক্ষা কৰা হ’ব।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল বা কেম্পাছৰ ভিতৰত মদ বা যিকোনো নিচাযুক্ত দ্ৰব্য সেৱন নিষিদ্ধ। যদি কোনো লোকে এনে কাণ্ড সংঘটিত কৰে তেন্তে তেওঁক হোষ্টেল/কলেজৰ পৰা বহিষ্কাৰ কৰা হ’ব। তদুপৰি তেওঁলোকক আৰক্ষীক গতাই দিয়া হ’ব আৰু তেওঁলোকৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰটো সেই কথা উল্লেখ থাকিব। 

কলেজৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেল বা কলেজ কেম্পাছত মটৰ চাইকেল বা গাড়ী ৰখাব নোৱাৰিব।

আৰক্ষী প্ৰশাসনৰ সহযোগত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ইয়াৰ আশে-পাশে মদ আৰু অন্যান্য নিচাযুক্ত সামগ্ৰী বিক্ৰী বন্ধ কৰা হ’ব।

Related News