NORTHEAST NOW (Assamese)

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

July 19, 2025 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 19, 2025 9:14 pm

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত বৃহৎ বণিয়াৰ দ্বাৰা অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ কিছু তথ্য সঁচাকৈয়ে ভীষণ উদ্বেগজনক বুলি উল্লেখ কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

সৌৰশক্তি প্রকল্প, কমপ্ৰেজড্ বায়’গেছ প্রকল্প, চিমেন্ট ফেক্টৰী, চেটেলাইট টাউনশ্বীপ, তাপবিদ্যুৎ প্রকল্প আদিৰ নামত অসমৰ কাৰ্বি আংলং, ডিমা হাচাও, বিটিআৰ, ৰাভা হাছং আদিৰ দৰে কেৱল জনজাতীয় আৱেষ্টনী (ট্রাইবেল বেল্ট) আৰু ষষ্ঠ অনুসূচী অঞ্চলৰ প্ৰায় ৪৯ হাজাৰ বিঘা মাটি আদানী – আম্বানিক দিবলৈ বিচৰা হৈছে বুলিও ভূঞাই উল্লেখ কৰে।

সাংসদ অজিত কুমাৰ ভূঞাই কয় যে, ‘মাত্র ৪ মাহত অসমৰ জনজাতীয় মানুহৰ ৪৯ হাজাৰ বিঘা মাটি পানীৰ দৰত চিৰদিনলৈ বৃহৎ বণিয়াক হস্তান্তৰ কৰিব খোজা বিষয়টো এক ভয়াবহ কথা। ইয়াৰ ফলত জনজাতীয় মানুহৰ জীৱন জীৱিকালৈ ব্যাপক ভাবুকি আহিব আৰু জনজাতীয় প্রধান অঞ্চলবোৰ বহিৰাগত বৃহৎ বণিয়াৰ কলনীত পৰিণত হব। আমি যদি এই কথাৰ এতিয়াই তীব্র বিৰোধিতা নকৰো, তেন্তে ভৱিষ্যতে ভূমিপুত্রসকলৰ জাতি – ভেটি – মাটি একো বাচি নাথাকিব।’

Related News