NORTHEAST NOW (Assamese)
অসম

বাজেট দাখিলৰ পাছত দাম বৃদ্ধি পাবলগীয়া সামগ্ৰীসমূহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2019 5:40 pm
N Sitharaman Budget

আজি কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত সকলো দলৰ সদস্যসকলৰ উপস্থিতিত ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰে।

বিত্তীয় বাজেট-২০১৯ অনুসৰি বিভিন্ন সামাগ্ৰীৰ দাম হ্ৰাস হোৱাৰ বিপৰীতে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাব।

বিত্তীয় বাজেট অনুসৰি মূল্য বৃদ্ধি পাবলগীয়া মুখ্য সামগ্ৰীসমূহৰ ভিতৰত পেট্ৰ’ল আৰু ডিজেলত প্ৰতিলিটাৰত ২ টকাকৈ মূল্য বৃদ্ধি পাব। সোণ আৰু অন্যান্য মূল্যবান ধাতুৰ ক্ষেত্ৰত সীমা শুল্ক ১০ শতাংশৰ পৰা ১২.৫ শতাংশলৈ বৃদ্ধি পাব।

আনহাতে, চি চি টিভি কেমেৰা, এয়াৰ কণ্ডিশ্যনাৰ, লাউদ স্পীকাৰ, কাজু জাতীয় সামগ্ৰী, টাইলছ আৰু ষ্টেইনলেছ ষ্টীল আদি সামগ্ৰীৰ ওপৰত থকা সীমা শুল্ক বৃদ্ধি কৰা হয়।

তদুপৰি, বাজেটত ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত থকা আবকাৰী শুক্লও বৃদ্ধি কৰা হয়। ইয়াৰ ফলত বিড়ী, চিগাৰেট, পান-মছলা আদি জাতীয় সামগ্ৰীৰ দাম অনাগত দিনত বৃদ্ধি পাব।

সুৰাৰ ওপৰত আৰোপিত আবকাৰী শুল্কৰ পৰিমান বৃদ্ধি কৰাৰ ফলত বিয়েৰ, ৰাম, হুয়িস্কিৰ দামো পূৰ্বৰ তুলনাত বৃদ্ধি পাব।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে বাজেটত নতুনকৈ ১ টকা, ২ টকা, ৫ টকা, ১০ টকা আৰু ২০ টকীয়া মুদ্ৰা প্ৰচলন কৰাৰ কথাও ঘোষণা কৰে।