NORTHEAST NOW (Assamese)

দিল্লীত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত মাৰপিট; আৱাসীয়ে আশ্ৰয়গৃহ জ্বলাই দিয়াৰ অভিযোগ

April 12, 2020 9:07 am · এন ই নাও নিউজ
Updated: April 12, 2020 9:10 am
ফটো : NDTV-ৰ বাতৰিৰ পৰা লোৱা স্ক্ৰিনশ্বট

খাদ্যক কেন্দ্ৰ কৰি হোৱা এক কাজিয়াৰ এদিন পিছত শনিবাৰে সন্ধিয়া একাংশ প্ৰব্ৰজিত শ্ৰমিকে দিল্লীৰ কাশ্মিৰী গে’টত তেওঁলোকে বাস কৰা এটা আশ্ৰয়গৃহত অগ্নি সংযোগ কৰাৰ অভিযোগ উঠিছে।

আৰক্ষীয়ে জনোৱা মতে আৱাসী শ্ৰমিকসকলৰ লগত আশ্ৰগৃহটোৰ কৰ্মচাৰীসকল কাজিয়াত লিপ্ত হৈছিল।

যোৱা শুকুৰবাৰে কৰ্মচাৰীসকলে আশ্ৰয়গৃহটোত থকা শ্ৰমিকৰ ওপৰত মাৰপিট কৰিছিল যাৰ পিছতে চাৰিজন শ্ৰমিকে যমুনা নৈত জাপ দিছিল, ইয়াৰে এজনৰ সলিল সমাধি ঘটে। আৰক্ষীয়ে লগতে কয়।

ক্ষুব্ধ শ্ৰমিকসকলে শনিবাৰে তেওঁলোকৰ সহআৱাসী গৰাকীৰ মৃত্যুৰ বাবে দায়ী কৰ্মচাৰীকেইজনৰ শাস্তিৰ দাবী তোলে।  আৰক্ষীৰ মতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৱা আৰক্ষীলৈ উত্তেজিত শ্ৰমিকসকলে শিলগুটি দলিওৱাৰ আশ্ৰয়গৃহটোত জুই লগাই দিয়ে।

NDTVৰ মতে উক্ত ঘটনাটোৰ সংক্ৰান্তত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হয় বুলি সংবাদ এজেন্সি PTIৰ বাতৰিত প্ৰকাশ।

আশ্ৰয়গৃহটোত ২০০ৰ পৰা ২৫০ গৰাকী আৱাসী আছিল। নিহত শ্ৰমিকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই।

সন্ধিয়া প্ৰায় ৬ বজাত অগ্নিকাণ্ডটোৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।

ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ ওলোৱা নাই।

Related News