NORTHEAST NOW (Assamese)

আকৌ চলিব পাৰে ৰাজেন গোহাঁইৰ ৰে’ল; আদালতৰ সকাহৰ পিছতে মনোনয়ন পত্ৰ সংগ্ৰহ

March 25, 2019 6:47 pm · দুৰ্লভ গগৈ
Updated: March 25, 2019 7:18 pm
ৰাজেন গোহাঁই। ফাইল ফটো।

সম্পূৰ্ণ নিৰ্বাপিত হোৱা নাই বিজেপিৰ জ্যেষ্ঠ সাংসদ তথা ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰাৰ্থিত্ব পোৱাৰ আশা। ২৫ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্ত্ৰীজনক তেওঁৰ বিৰুদ্ধে চলি থকা যৌন কেলেংকাৰিৰ গোচৰত স্থায়ী সকাহ দিয়াৰ পিছত  মন্ত্ৰীজনে যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিন্দ্বন্দ্বিতা কৰাৰ ক্ষীণকৈ হ’লেও আশা দেখিছে আজিৰ শেহতীয়া অগ্ৰগতিখিনি মন কৰি অনুমান কৰিব পাৰি।

আদালতত গোহাঁইৰ বিৰুদ্ধে চলি থকা যৌন নিৰ্য্যাতনৰ গোচৰটোৰ আজি তাৰিখ আছিল যদিও গোচৰীয়াই হঠাতে নিজৰ স্থিতি সলনি কৰি গোচৰটো “ভুল বুজাবুজিৰ পৰিণতি” বুলি কোৱাৰ পিছত আদালতে মন্ত্ৰীজনক গোচৰৰ পৰা মুক্তি দিয়ে। অৱশ্যে গোচৰটোৰ বাবে ইতিমধ্যে যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ল মন্ত্ৰী গোহাঁই। তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ অজুহাতত দলে তেওঁক আগন্তুক লোকসভা নিৰ্বাচনত এজন প্ৰাৰ্থী হিচাপে বিবেচনা নকৰিলে। তেওঁ ইয়াক “দলৰ মানুহৰ ষড়যন্ত্ৰ” আখ্যা দিছিল।

যথেষ্ট সংখ্যক সমৰ্থক লৈ সংবাদ মাধ্যমৰ আগত গোহাঁয়ে দলৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ কৰাৰ পাছত নগাওঁ সমষ্টিটোৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পৰা এই পৰ্য্যন্ত বিৰত আছে দলটো। ৰাজ্যখনত দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া বাকী আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণাৰ আনুষ্ঠানিকতা ইতিমধ্যে সম্পূৰ্ণ হৈছে।

নগাওঁ সমষ্টিটো ঘোষণা নকৰাকৈ ৰখাটো গোহাঁইৰ বাবে “অপেক্ষা” বুলি গণ্য কৰিব পৰা যাব, যদিহে তেওঁকে দলটোৱে টিকট দিয়ে।

বিশ্বস্ত সূত্ৰৰ খবৰ মতে কেন্দ্ৰীয় মন্ত্ৰীজনে আজি আদালতে দিয়া সকাহৰ পিছতে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। গোহাঁয়ে লগতে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক তেওঁক আদালতে গোচৰৰ পৰা মুক্তি দিয়াৰ প্ৰমাণপত্ৰও জমা দিয়ে। ১৮ এপ্ৰিলত দ্বিতীয় পৰ্য্যায়ত সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু কাইলৈ, অৰ্থাৎ ২৬ মাৰ্চত মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন।

“মই আগতেই কৈছিলো, এই গোচৰটোৰ কাৰণে নিৰ্বাচন নেখেলো বুলি। কিন্তু এতিয়া যিহেতু মোক আদালতে দোষমুক্ত কৰিছে, গতিকে দলে যদি বিবেচনা কৰে এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু”, গোহাঁয়ে নৰ্থ-ইষ্ট নাওক টেলিফোনত কয়। মন্ত্ৰীজনে টিকট বিচাৰি দলৰ সৈতে যোগাযোগ কৰাৰ কোনো ইংগিত নিদিলে।

কি হ’ব ৰূপক শৰ্মাৰ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাৰ সপোন?

আনহাতে, ঘটনাৰ অভাৱনীয় পাকত গোহাঁই যৌন নিৰ্যাতনৰ গোচৰত হঠাতে দোষমুক্ত হোৱাৰ পিছত নগাওঁ সমষ্টিত গোহাঁইৰ বিপৰ্য্যয়ৰ বাবে টিকট লাভৰ প্ৰায় দুৱাৰ মুখত উপনীত হোৱা বিধায়ক ৰূপক শৰ্মাৰ আশা আধৰুৱা হৈ ৰ’ব পাৰে। ৰাজেন গোহাঁইৰ ৰে’ল পুনৰ চলিলে ৰূপক শৰ্মাই ক্ৰছিঙত ৰৈ বাট এৰি দিব লগীয়া হ’ব পাৰে।

 

Related News