NORTHEAST NOW (Assamese)
অসম

পাকিস্তানত নিষিদ্ধ ‘বিগো লাইভ’ এপ, টিকটককো শেষবাৰৰ বাবে সকীয়নি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 10:05 pm
পাকিস্তানত নিষিদ্ধ ‘বিগো লাইভ’ এপ, টিকটককো শেষবাৰৰ বাবে সকীয়নি

পাকিস্তানে লাইভ ষ্ট্ৰিমিং এপ ‘বিগো লাইভ’ক দেশত নিষিদ্ধ কৰিছে।

অনৈতিক আৰু অশ্লীল বিষয়বস্তুৰ বাবেই পাকিস্তানত বিগো লাইভক নিষিদ্ধ ঘোষণা কৰাৰ লগতে এই সন্দৰ্ভত চীনা এপ টিকটককো শেষবাৰৰ বাবে সকীয়নি দিয়ে।

পাকিস্তানৰ টেলিকম কৰ্তৃপক্ষই বিগো লাইভ আৰু টিকটকক লৈ ইতিমধ্যে দেশত বহু অভিযোগ লাভ কৰিছে বুলি জানিবলৈ দিছে।

বহুবাৰ সকীয়নি দিয়াৰ পাছতে এইবোৰ এপৰ প্ৰতিক্ৰিয়া সন্তুষ্টিজনক নোহোৱা বাবেই পাকিস্তান চৰকাৰে বিগো লাইভক নিষিদ্ধ দেশত নিষিদ্ধ কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ভাৰত চৰকাৰে টিকটক, উই চাটকে ধৰি বহুকেইটা চীনা এপক ভাৰতত নিষিদ্ধ কৰিছিল।

দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে এই এপ সমূহ নিষিদ্ধ কৰিছিল।

আনহাতে, ভাৰত চৰকাৰে চীনা এপ নিষিদ্ধ কৰাৰ পাছতে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰয়ো চীনা এপ সমূহ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা অব্যাহত ৰাখিছে।