NORTHEAST NOW (Assamese)

আকৌ চুলাই ট্ৰেজেদি; দুজনৰ কৰুণ মৃত্যু

May 2, 2019 7:40 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

বিগত কিছুমাহ পূৰ্বে ভয়াবহ চুলাই ট্ৰেজেদিয়ে সমগ্ৰ অসমক জোকাৰি যোৱাৰ পাছত বোকাখাত মহকুমাৰ গেলেকী গাঁৱত আজি বিষাক্ত চুলাই সেৱন কৰি দুজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোকক সংকট জনক অৱস্থাত যোৰহাটত চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গাঁৱখনৰ তিনিগৰাকী বন্ধু ক্ৰমে দিলীপ তামুলী, নীৰেন বাউৰী আৰু হীৰণ্য কুৰ্মীয়ে মঙ্গলবাৰে নিশা একেলগে সুৰাপান কৰিছিল৷  দিলীপ তামুলীৰ ভাড়াঘৰত তিনি বন্ধুয়ে মাংসৰ সৈতে চুলাই সেৱন কৰিছিল বুলি দিলীপ তামুলীৰ  পত্নীয়ে জানিবলৈ দিয়ে৷

বুধবাৰে পুৱাৰে পৰা তিনি বন্ধু প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হয়। বুধবাৰৰ নিশা দিলীপ তামুলী আৰু হিৰণ্য কুৰ্মীক বোকাখাতৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও নিশা   প্ৰায় দুই  বজাত  দিলীপ তামুলীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷

আনহাতে, আজি ৰাতিপু্ৱা গেলেকী মিকিৰ গাঁৱৰ নিজা বাসগৃহতেই মৃত্যু হয় নীৰেন বাউৰীৰ৷ সংকটজনক অৱস্থাত বোকাখাত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হিৰণ্য কুৰ্মীক  যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

বিষাক্ত চুলাইৰ ঘটনা পোহৰলৈ অহাৰ লগে-লগে কাজিৰঙাত  তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ আৰক্ষী-প্ৰশাসনৰ এটা দল ঘটনাস্থলীত উপস্থিত নীৰেন বাউৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে৷

উল্লেখযোগ্য যে, বিষাক্ত চুলাই সেৱন কৰি মৃত্যু হোৱা দিলীপ তামুলীয়ে ৯ মহীয়া গৰ্ভাৱতী পত্নীৰ লগতে এটি ১১ বছৰীয়া কণমানি পুত্ৰক এৰি থৈ যায়৷

গোলাঘাট-যোৰহাটৰ চুলাই ট্ৰেজেডিৰ পাছতো কাজিৰঙাৰ হাতীখুলি, গেলেকী, বাগৰি আদি অঞ্চলৰ লগতে কাজিৰঙাৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত  বৰ্তমান অবাধ গতিত অবৈধ চুলাই ব্যৱসায় চলি আছে৷

আজিৰ শোকাৱহ ঘটনাৰ পাছত চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই সমগ্ৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি একমাত্ৰ আৱকাৰী বিভাগৰ গোপন অংকৰ বাবেই পুনৰ ৰাজ্যত সুৰাৰ ট্ৰেজেডী ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে।

আজি বোকাখতৰ মহকুমা আৰক্ষী বিষয়া কল্যাণ দাসৰ নেতৃত্বত আৰু বোকাখাত আবকাৰী বিভাগৰ সহযোগত কাজিৰঙাৰ কাষতে থকা কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় যদিও কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

Related News