NORTHEAST NOW (Assamese)

সোঁত বৈছে নিষিদ্ধ বিদ্ৰোহী সংগঠন লৈ! পুনৰ আলফা স্বাধীনত যোগদান উজনিৰ দুই যুৱকৰ

April 19, 2022 10:04 am · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদানৰ সোঁত বোৱা দেখা  গৈছে। তাৰমাজতে পুনৰ উজনিৰ দুই যুৱকে আলফা স্বাধীনত যোগদানৰ খৱৰ পোৱা গৈছে।

শদিয়াৰ কংগ্ৰেছৰ নেতাৰ যোগদানৰ পিছতেই এইবাৰ শিৱসাগৰ আৰু নাহৰকটীয়াৰ দুই যুৱকে যোগদান কৰিছে আলফা স্বাধীনত।

শিৱসাগৰৰ যুৱক পংকজ মেছ আৰু নাহৰকটীয়াৰ যুৱক পংকজ গগৈয়ে আলফা স্বাধীনত যোগদান কৰিছে। এক বিশেষ সুত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি সোমবাৰে এই দুই যুৱকে সংগঠনটোত যোগদান কৰিছে ।

লগতে পঢ়ক: চলিত মাহতেই অৱসৰ ল’ব নাৰাৱনে; দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

আলফা স্বাধীন আৰু চৰকাৰৰ মাজত যুদ্ধ বিৰতি চলি থকাৰ মাজতেই ৰাজ্যৰ এজনৰ পিছত এজন যুৱক আলফা স্বাধীনত যোগদান কৰা ঘটনাই স্বাভাৱিকতে ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে যোৱা ১৭ এপ্ৰিলত শদিয়াৰ উদয় নগৰ এগৰাকী কংগ্ৰেছ নেতা জনাৰ্দন গগৈয়ে আলফা স্বাধীনত যোগদান কৰিছিল।

চেংকয় হিচাপেও পৰিচিত জনাৰ্দন গগৈ যুৱ কংগ্ৰেছৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

পত্নীলৈ উদ্দেশ্যি সামাজিক মাধ্যমত এটা দীঘলীয়া পোষ্ট কৰি তেওঁ আলফা স্বাধীনত যোগদান কৰাৰ কথা ঘোষণা কৰিছিল

আনহাতে, ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৩ জন যুৱকে আলফা স্বাধীনত যোগদান কৰিছিল। ইয়াৰে পাঁচগৰাকী যুৱক গুৱাহাটীৰ আৰু দুগৰাকী শিৱসাগৰৰ আছিল

লগতে পঢ়ক: ছাত্ৰীৰ শালীনতা হানিৰ চেষ্টা; অভিযুক্ত অধ্যাপকক নিলম্বনৰ দাবীত উত্তাল লিডু মহাবিদ্যালয়

আলফা স্বাধীনত যোগদান কৰা যুৱক কেইজন আছিল— তিনিচুকীয়াৰ ঋতুৰাজ গোঁহাই, পানীতোলাৰ সুভ্ৰান্ত দুৱৰা, বকোৰ অংকুৰ কলিতা, মিৰ্জাৰ দেৱাশিষ দাস, আজৰাৰ মিন্ময় কলিতা, বেলতলাৰ হিতেশ ডেকা, গোলাঘাটৰ বীৰেন বৰা, উমেশ বৰা, চাংসাৰিৰ ৰঞ্জিত দাস, পানীখাইতিৰ মৃদুল নাথ, বাইহাটাৰ সঞ্জীৱ শৰ্মা, শিৱসাগৰৰ ছহিদুল আহমেদ হাজৰিকা আৰু আনোৱাৰ আলি বুলি জানিব পৰা গৈছিল

উল্লেখ্য যে বিগত কেইটামান মাহত আলফা স্বাধীনত ২৩৯ গৰাকী যুৱক-যুৱতীয়ে নতুনকৈ যোগদান কৰিছে

Related News