NORTHEAST NOW (Assamese)

চীনৰ ভাবুকিৰ মাজতে ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে ‘অগ্নি-পি’ বেলিষ্টিক মিছাইলৰ

December 18, 2021 7:27 pm · এন ই নাও নিউজ,গুৱাহাটী

চীনৰ লগতে পাকিস্তানৰ দৰে শত্ৰু দেশৰ পৰা আহি থকা অহৰহ ভাবুকিৰ মাজতে ভাৰতে আজি অত্যধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা পাৰমাণৱিক শক্তি সম্পন্ন বেলিষ্টিক মিছাইল অগ্নি-পিৰ সফল পৰীক্ষণ কৰে।

শনিবাৰে দিনৰ ১১.০৬ বজাত ওড়িশাৰ ডঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা মিছাইল বিধৰ পৰীক্ষণ সম্পন্ন কৰাৰ কথা প্ৰতিৰক্ষা দপ্তৰে প্ৰকাশ কৰিছে।

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠান ডিআৰডিঅ’ই সাজি উলিওৱা নতুন প্ৰজন্মৰ মিছাইল অগ্নি-পিৰ এয়া আছিল দ্বিতীয়টো সফল পৰীক্ষণ।

২০২১ চনৰে ২৮ জুনত অগ্নি-পি মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰিছিল ডিআৰডিঅ’ই।

মিছাইল বিধে নিৰ্দিষ্ট লক্ষ্য স্থানত সফলতাৰে আঘাত কৰিবলৈ সক্ষম হয়।

কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক অগ্নি-পি মিছাইলৰ সফল পৰীক্ষণৰ বাবে অভিনন্দন জনাইছে।

উল্লেখ্য ২০১৬ চনৰ পৰাই ডিআৰডিঅ’ৰ বিজ্ঞানীসকলে অগ্নি ছিৰিজৰ মিছাইল সাজি উলিওৱাৰ চেষ্টাত ব্ৰতী হৈ আহিছে।

প্ৰথমে পৰীক্ষণ কৰা অগ্নি মিছাইলৰ নাম আছিল অগ্নি-১ পি মিছাইল।

Related News