NORTHEAST NOW (Assamese)

পৌৰসভা নিৰ্বাচনঃ বঙাইগাঁও পৌৰসভাৰ ২৫ টা ৱাৰ্ডতে যুঁজিব অগপ দলৰ প্ৰাৰ্থীয়ে

February 16, 2022 2:11 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

অহা ৬ মাৰ্চত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বঙাইগাঁও পৌৰসভাৰ অন্তৰ্গত ২৫ টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে অগপ, বিজেপি, কংগ্ৰেছ, চি পি আই (এম) আদি ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷

এইবাৰ বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে অগপ দলে ২৫ টা ৱাৰ্ডতে দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপি দলে ২৪ টা ৱাৰ্ডত প্ৰাৰ্থী দিছে ৷ অগপ – বিজেপিৰ মিত্ৰতা হ’ব বুলি দলীয় নেতৃত্বই ঘোষণা কৰিছিল যদিও শেষ মুহূৰ্তত বঙাইগাঁৱত অগপ দলে বিজেপি দলক কেৱল তিনিখন আসনহে এৰি দিব বিচৰাত বিজেপি দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ ২৫ টা ৱাৰ্ডৰ বাবে আজি অগপ দলৰ হৈ ১ নম্বৰ ৱাৰ্ডত (মুকলি) অভিজিৎ ৰায়, ২ নম্বৰ ৱাৰ্ডত (অনুসূচিত জাতিৰ মহিলা) ইলা মজুমদাৰ, ৩ নম্বৰ ৱাৰ্ডত (মুকলি) বিদুভূষণ সৰকাৰ, ৪ নম্বৰ ৱাৰ্ডত (মহিলা) সাধনা দাস, ৫ নম্বৰ ৱাৰ্ডত (মুকলি)খৰ্গেশ্বৰ ৰায়, ৬ নম্বৰ ৱাৰ্ডত (মহিলা) টুম্পা মহন্ত,৭ নম্বৰ ৱাৰ্ডত (মহিলা) পিয়ালী ৰয়, ৮ নম্বৰ ৱাৰ্ডত (মহিলা) ৰুণা ঘোষ, ৯ নম্বৰ ৱাৰ্ডত (মুকলি) ললিত বিশ্বাস, ১০ নম্বৰ ৱাৰ্ডত (মুকলি) ৰাজীৱ নাথ, ১১ নম্বৰ ৱাৰ্ডত (মহিলা) গীতা সৰকাৰ (মণ্ডল), ১২ নম্বৰ ৱাৰ্ডত (মহিলা) কবিতা সৰকাৰ, ১৩ নম্বৰ ৱাৰ্ডত (অনুসূচিত জনজাতিৰ মহিলা) ৰুবুশ্ৰী মুছাহাৰী, ১৪ নম্বৰ ৱাৰ্ডত (মহিলা) বিনু বৈশ্য, ১৫ নম্বৰ ৱাৰ্ডত (অনুসূচিত জাতি) গৌতম বিশ্বাস ,১৬ নম্বৰ ৱাৰ্ডত (মুকলি) বাসনা চৌধুৰী, ১৭ নম্বৰ ৱাৰ্ডত (মহিলা) বিনীতা পাঠক ,১৮ নম্বৰ ৱাৰ্ডত (মহিলা) অলিভিয়া ৰায়, ১৯ নম্বৰ ৱাৰ্ডত (অনুসূচিত জাতি) সমিত দাস, ২০ নম্বৰ ৱাৰ্ডত (মহিলা) অঞ্জুমণি পাটগিৰি কলিতা, ২১ নম্বৰ ৱাৰ্ডত (মুকলি) ধনঞ্জয় ৰায়, ২২ নম্বৰ ৱাৰ্ডত (মুকলি) নিলেশ্বৰ বৰ্মন, ২৩ নম্বৰ ৱাৰ্ডত শৈলেন সৰকাৰ, ২৪ নম্বৰ ৱাৰ্ডত (মুকলি) হীৰু বাগদী আৰু ২৫ নম্বৰ ৱাৰ্ডত (মহিলা) ৰুহী ভৌমিকে অসম গণ পৰিষদ দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ উল্লেখ্য যে ২৩ নম্বৰ ৱাৰ্ডত অগপৰ বাহিৰে আন দলৰ পৰা কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা নাই ৷

যাৰ বাবে অগপ দলৰ প্ৰাৰ্থী শৈলেন সৰকাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাটো নিশ্চিত হৈ পৰিছে ৷

Related News