NORTHEAST NOW (Assamese)

তৰুণ গগৈৰ বিয়োগত অগপই তিনিদিনলৈ বাতিল কৰিলে সকলো কাৰ্যসূচী

November 24, 2020 1:15 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

অসমৰ তিনিবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ কৰি অসম গণ পৰিষদ(অগপ) দলে অহা তিনিদিনৰ বাবে সকলো দলীয় কাৰ্যসূচী বাতিল কৰিছে।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অগপ দলে ২৪, ২৫ আৰু ২৬ নৱেম্বৰৰ দিন কেইটাত কোনো ধৰণৰ দলীয় সভা তথা কাম-কাজ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই দলৰ সভাপতি অতুল বৰাৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

এটা বিবৃতিটোৰ জৰিয়তে কোৱা হয় যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত অগপ দলে শোকপ্ৰকাশ কৰাৰ লগেত তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ২৪, ২৫ আৰু ২৬ নৱেম্বৰৰ দিন কেইটাত কোনো দলীয়া সভা তথা কাম-কাজ অনুষ্ঠিত নহয়।

উল্লেখ্য যে, সোমবাৰে বিয়লি ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু হোৱা বৰ্ষীয়ান নেতাগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ মৃত্যুত ৰাজ্যত তিনিদিনীয়া শোক ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Related News