NORTHEAST NOW (Assamese)

২০ মে’ৰ পূৰ্বে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

March 16, 2019 6:04 pm · এন ই নাও নিউজ

ৰাজ্যৰ চাৰিওফালে বিভিন্ন ৰাজনৈতিক দলসমূহৰ আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে তৎপৰতা চলি থকাৰ মাজতে আজি অসম মাধ্যমিক শিক্ষা সংসদে এক গুৰুত্বপূৰ্ণ সংবাদমেল আয়োজন কৰে। আৰু সংবাদমেলতে অহা ২০ মে’ৰ পূৰ্বে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰে।

সংবাদমেলত সংসদে কয় যে আনকেইবছৰতকৈ এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা শান্তিপূৰ্ণ ভাৱে আয়োজন কৰিবলৈ সক্ষম হয়। লগতে সংসদে এই বর্ষৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা কেন্দ্ৰসমূহলৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলিও ঘোষণা কৰে।

Related News