NORTHEAST NOW (Assamese)

কেনেদৰে সম্ভৱ! ৯ বৰ্ষীয় শিশুৰ হাওঁফাওঁত ওলাল বেজী, সফলতাৰে উলিয়ালে এইমছৰ চিকিৎসকে

February 10, 2024 5:55 pm · এন ই নাও নিউজ, গুৱাহাটী

হাওঁফাওঁত এটা চিলাইৰ বেজী লৈ বিপজ্জনকভাৱে জীয়াই আছিল এটি ৯ বৰ্ষীয় শিশু। অৱশেষত চিকিৎসকৰ প্ৰচেষ্টাত বিপদমুক্ত হৈ পৰিছে শিশুটি। শিশুটিৰ জীৱন ৰক্ষা কৰিছে ভুৱনেশ্বৰৰ এইমছৰ শিশু চিকিৎসা বিভাগে।

শুকুৰবাৰে চিকিৎসালয়খনে এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে সদৰী কৰা মতে, শিশু চিকিৎসা বিভাগে যুগান্তকাৰী ব্ৰংকোস্কপিক পদ্ধতিৰ জৰিয়তে হাওঁফাওঁত সোমাই থকা চিলাইৰ বেজীটো উলিয়াই ৯ বৰ্ষীয় শিশুটিৰ জীৱন ৰক্ষা কৰে।

চিকিৎসালয়খনে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি, উৰিষ্যাৰ কোনো শিশু চিকিৎসা কেন্দ্ৰত অস্ত্ৰোপচাৰৰ আশ্ৰয় নোলোৱাকৈ এনে সফল চিকিৎসা পদ্ধতি ব্যৱহাৰৰ এয়াই প্ৰথম উদাহৰণ।

প্ৰকাশিত খবৰ অনুসৰি, হাওঁফাওঁত বেজী সোমাই থকা শিশুটি পশ্চিম বংগৰ বাসিন্দা। শিশুটিৰ হাঁওফাঁওৰ বাওঁ ফালে লোব ব্ৰংকাছ পাৰ্শ্বীয় অংশত সোমাই আছিল প্ৰায় ৪চেমি দৈৰ্ঘ্যৰ চিলাই বেজীটো।

ইয়াৰ পিছতে চিকিৎসাৰ বাবে শিশুটিক ভুৱনেশ্বৰৰ এইমছলৈ নিয়া হৈছিল। শিশু চিকিৎসকৰ এটা বিশেষজ্ঞ দলে কোনো ধৰণৰ জটিলতাৰ সন্মুখীন নোহোৱাকৈয়ে ব্ৰংকোস্কপিক পদ্ধতিৰে চিকিৎসা সম্পন্ন কৰে।

শিশু চিকিৎসকৰ দলটোত ডাঃ ৰশ্মি ৰঞ্জন দাস, ডাঃ কৃষ্ণ এম গুল্লা, ডাঃ কেতন, আৰু ডাঃ ৰামকৃষ্ণ নামৰ চিকিৎসক কেইগৰাকী জড়িত আছিল বুলি এইমছ ভুৱনেশ্বৰে বিবৃতিটোত উল্লেখ কৰিছে।

কৰ্তৃপক্ষই সদৰী কৰা মতে, অস্ত্ৰোপচাৰে শিশুটিৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা আছিল। লগতে শিশুটিৰ হাওঁফাওঁৰ এটা অংশ আঁতৰোৱাৰ প্ৰয়োজন হ’লহেঁতেন বুলিও শংকা প্ৰকাশ কৰে কৰ্তৃপক্ষই।

চিকিৎসালয়খনে লগতে জানিবলৈ দিয়া মতে, চিকিৎসাৰ পিছত চাৰিদিন ভৰ্তি হৈ থকা শিশুটিৰ অৱস্থা সম্প্ৰতি সুস্থিৰ আৰু শীঘ্ৰেই তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব।

Related News