NORTHEAST NOW (Assamese)

ডাঃ দেবেন দত্তৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত নতুন দিল্লীত প্ৰতিবাদ

September 5, 2019 11:49 am · এন ই নাও নিউজ
ফটো নর্থ-ইষ্ট নাও

যোৰহাটৰ টীয়ক চাহ বাগিচাৰ হাস্পাতালৰ চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত বুধবাৰে সন্ধিয়া নতুন দিল্লীস্থ এইমছত ৰেচিডেণ্ট ডক্টৰ এছ’চিয়েশ্যনে মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

৭৩ বছৰীয়া চিকিৎসক গৰাকীক বাগিচাৰ একাংশ শ্ৰমিকে যোৱা শনিবাৰে নৃশংসতাৰে হত্যা কৰা কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে সেইসকল নৰপিশাচক অতি শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে।

‘ডাঃ দেবেন দত্তৰ হত্যাত জড়িত লোকসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনালো’। এছ’চিয়েশ্যনৰ অধ্যক্ষ অমৰেন্দ্ৰ সিং মালহিয়ে এইদৰে কয়।

ইফালে এই ঘটনাৰ উচিত তদন্ত আৰু শাস্তি বিচাৰি এছ’চিয়েশ্যনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে।

‘চিকিৎসক সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অতি শীঘ্ৰে কেন্দ্ৰীয় সুৰক্ষা আইন অনাটো বিচাৰো’। এই মন্তব্য মালহিৰ।

উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে অলপতে এই আইনখনৰ সংক্ৰান্তত এখন আন্তঃমন্ত্ৰণালয় পৰ্যায়ৰ কমিটি গঠন কৰি দিছিল। ইফালে যোৱা মঙলবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে অধিসূচনা জাৰি কৰি অহা ৩০ দিনৰ ভিতৰত আইনখন সন্দৰ্ভত পৰামৰ্শ বিচাৰিছে।

Related News