NORTHEAST NOW (Assamese)

এয়াৰ ইণ্ডিয়াৰ অমলেটত পইতাচোৰা! দুবছৰীয়া শিশুক খুৱাবলৈ লৈ দেখি ক্ষোভ উজাৰিলে মাতৃয়ে

September 29, 2024 10:31 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

বেয়া সময়ে যেন লগ এৰা নাই এয়াৰ ইণ্ডিয়াক। বিমানত পৰিবেশন কৰা এটা কণীৰ অমলেটত এইবাৰ ওলাল পইতাচোৰা! হয়, আচৰিত যেন লাগিলেও, সেইটোৱে সঁচা।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে আৰম্ভ হ’ল তীব্ৰ বিতৰ্কৰ। কিন্তু চাপত পৰি এয়াৰ ইণ্ডিয়াই এই ব্যৰ্থতাৰ বাবে খাদ্য প্ৰস্তুতকাৰী সংস্থাকহে জগৰীয়া কৰে।

দিল্লীৰ পৰা নিউয়ৰ্ক অভিমুখী বিমানখনত যাত্ৰা কৰা মহিলা যাত্ৰী ছুয়েছা সাৱন্তই অভিযোগ কৰে যে তেওঁৰ দুবছৰীয়া সন্তানৰ বাবে এই অমলেটটো অৰ্ডাৰ কৰা হৈছিল। শিশুটিৱে অকণমান খোৱাৰ পিছতে তাত পইতাচোৰা দেখা যায়।

লগতে পঢ়কঃ উত্তৰাধিকাৰ! তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী হ’ল মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি

পিছত ক্ষোভত যাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাটো এক্স হেণ্ডেলত পোষ্ট কৰি এয়াৰ ইণ্ডিয়াক সমালোচনা কৰে।

মহিলাগৰাকীয়ে অমলেট খাই শিশুটিৰ বমি আৰম্ভ হোৱা বুলি অভিযোগ কৰে। ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাই দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী জনায়।

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে এয়াই প্ৰথম অভিযোগ নহয়। বিমান পৰিচাৰিকাক মাৰপিট কৰা, খাদ্যত ব্লেড লাভ কৰা আদি ঘটনাক লৈ বিগত সময়তো বিতৰ্কৰ মাজত সোমাই পৰিছিল বিমান সংস্থাটো। এইবাৰ অমলেটত পইতাচোৰা পোৱাক লৈ নতুন বিতৰ্ক আৰম্ভ হ’ল। 

Related News