NORTHEAST NOW (Assamese)

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am · এন ই নাও নিউজ, গুৱাহাটী

ক’লা হৈ পৰিছে ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ লালকিল্লা। এক অধ্যয়ন অনুসৰি লালকিল্লাৰ দেৱালত বায়ু প্ৰদূষণৰ বাবে “ক’লা তৰপ” গঢ় লৈ উঠিছে।

গৱেষকসকলে দেখিছে যে ৰঙা পাথৰেৰে তৈয়াৰী দুৰ্গৰ বেৰৰ মাজত ৰাসায়নিক বিক্ৰিয়াৰ ফলত ক’লা স্তৰটো গঠন হৈছে। ইয়াৰ ০.০৫ মিলিমিটাৰৰ পৰা ০.৫ মিলিমিটাৰ ডাঠ বুলি জানিব পৰা গৈছে।

অধ্যয়ন অনুসৰি এই ক’লা তৰপবোৰে দুৰ্গৰ মিহি খোদিত শিল্পকৰ্মবোৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। সপ্তদশ শতিকাৰ এই কীৰ্তিচিহ্নটোৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ বুজি পোৱা এইটোৱেই এনে প্ৰথম অধ্যয়ন।

উল্লেখ্য যে দিল্লী বিশ্বৰ অন্যতম প্ৰদূষিত চহৰ। শীতকালত দিল্লীৰ বায়ুৰ গুণাগুণ বেয়া হোৱাৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে দিল্লী চহৰে।

Related News