NORTHEAST NOW (Assamese)
দেশ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2025 9:31 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ফোনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জন্মদিনৰ শুভেচ্ছা জনাইছে। ইয়াৰ মাজতে দুয়োগৰাকী নেতাৰ মাজত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভতো আলোচনা হয়।

ট্ৰাম্পে ট্ৰুথ ছচিয়েলত পোষ্ট কৰি কয় যে, “মোৰ বন্ধু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনত বহুত ভাল কথা-বতৰা হৈছিল। মই তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছো। তেওঁ এক ডাঙৰ কাম কৰি আছে।”

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে, “নৰেন্দ্ৰ, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ অন্ত পেলোৱাত আপোনাৰ সহযোগিতাৰ বাবে ধন্যবাদ।

একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়েও ছচিয়েল মিডিয়া পোষ্টৰ জৰিয়তে দুয়োগৰাকী নেতাৰ মাজত হোৱা কথা-বতৰাৰ সবিশেষ শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, “মোৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্প, মোৰ ৭৫ সংখ্যক জন্মদিনত আপোনাৰ ফোন কল আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ। আপোনাৰ দৰেই মইও ভাৰত-আমেৰিকাৰ ব্যাপক আৰু বিশ্বব্যাপী অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আপোনালোকৰ প্ৰচেষ্টাক আমি সমৰ্থন জনাইছো।আজি (১৭ ছেপ্টেম্বৰ) প্ৰধানমন্ত্ৰী মোডীৰ ৭৫তম জন্মদিন।