NORTHEAST NOW (Assamese)
দেশ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2025 10:45 am

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মঙলবাৰে দুটা মিডিয়া হাউচ আৰু কেইবাটাও ইউটিউব চেনেললৈ জাননী প্ৰেৰণ কৰি আদানী গ্ৰুপৰ কথা উল্লেখ কৰা মুঠ ১৩৮টা ভিডিঅ আৰু ৮৩টা ইনষ্টাগ্ৰাম পোষ্ট ডিলিট কৰিবলৈ নিৰ্দেশ দিছে।

মন্ত্ৰালয়ে প্ৰকাশ কৰা পত্ৰত উল্লেখ কৰা আদানী এণ্টাৰপ্ৰাইজে দাখিল কৰা মানহানিৰ গোচৰৰ ৰায় হিচাপে পশ্চিম দিল্লী জিলা আদালতে এই নিৰ্দেশ জাৰি কৰিছে।

আদালতে পৰঞ্জয় গুহা ঠাকুৰতা, ৰবি নাইৰ, অবিৰ দাসগুপ্ত, অয়কান্ত দাস, আয়ুষ যোশীকে ধৰি বহুকেইজন সাংবাদিক আৰু সমাজকৰ্মীক আদানী গোটক বদনাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

আদানীৰ বিৰুদ্ধে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে উত্থাপন কৰা অভিযোগৰ বিষয়ে কৰা ইনষ্টাগ্ৰামৰ বাতৰি ডিলিট কৰিবলৈ দ্য ৱায়াৰক নিৰ্দেশ দিয়া হৈছে।

নিউজলণ্ড্ৰী, ৰবিশ কুমাৰ, অজিত অঞ্জুম, ধ্ৰুৱ ৰাথী, আকাশ বেনাৰ্জী ওৰফে দেশভক্ত আদিলৈকো এনে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে আদালতে কৈছে যে মন্ত্ৰালয়ে এই জাননী জাৰি কৰাৰ ৩৬ ঘন্টাৰ ভিতৰত ভিডিঅ’ সমূহ ডিলিট কৰি তাৰ প্ৰতিবেদন মন্ত্ৰালয়ত দাখিল কৰিব লাগিব।