NORTHEAST NOW (Assamese)

হোজাইত আজমল আৰু শিলচৰত সুস্মিতা দেৱৰ ভোটাধিকাৰ সাব্যস্ত

April 18, 2019 12:35 pm · এন ই নাও নিউজ
Updated: April 18, 2019 2:35 pm

লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ৫ টা সমষ্টিৰ ৰাইজে নিজৰ গণতন্ত অধিকাৰ সাবস্ত্য কৰিবলৈ পুৱাই ওলাই অহা দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে হোজাইৰ বৰদংকী ২১ নং ভোট গ্ৰহণ কেন্দ্ৰত পুৱাই এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোট দানৰ পিছতে বদৰুদ্দিনে সাংবাদিকৰ আগত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ইলু ইলু আছে বুলি উল্লেখ কৰে। এইদৰে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ সম্বন্ধক আজমলে ইলু ইলু গীতেৰে বুজায়।

আজমলে লগতে কয় যে তেওঁ বিজেপিক বিৰোধিতা কৰে আৰু কংগ্ৰেছে তেওঁক বিৰোধিতা কৰে। এই কথা তেওঁৰ বাবে দুৰ্ভাগ্যজনক। তাৰোপৰি তেওঁ ভোটদান কৰিয়েই সাংবাদিকৰ আগত ৰাইজক বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনায়। কিন্তু মন কৰিবলগীয়া এই ক্ষেত্ৰত আজমলে কংগ্ৰেছৰ সন্দৰ্ভত একো নক’লে।

আনহাতে একেদৰে শিলচৰতো শিলচৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুস্মিতা দেৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। পুৱাই মাতৃ-ভগ্নীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোট দান কৰিয়ে সুস্মিতা দেৱে শিলচৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী গৰাকী জয়ী হ’ব বুলি মন্তব্য কৰে।

Related News