NORTHEAST NOW (Assamese)
অসম

এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল, বিজেপিৰ ভিতৰুৱা ‘মিত্ৰ’ ঘোষণা আমছুৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 22, 2019 9:46 pm
Loksabha election: BJP-AIUDF join hands under AGP's mediatorship, alleges Congress

সাধাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাজনীতিলৈ অত্যন্ত তাৎপৰ্য্যপূৰ্ণ বাৰ্তা কঢ়িয়াই সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই শুকুৰবাৰে সংখ্যালঘু-নিৰ্ভৰ এ আই ইউ দি এফক “সাম্প্ৰদায়িক”ৰূপে অভিহিত কৰি ৰাইজক দলটো বৰ্জনৰ আহ্বান জনাইছে।

শাসকীয় বিজেপি আৰু এ আই ইউ দি এফৰ “ভিতৰি মিত্ৰতা” থকা বুলিও ঘোষণা কৰিছে অসমৰ সংখ্যালঘু মুছলমানৰ মাজত বিশেষ প্ৰভাৱ থকা সংগঠনটোৰ প্ৰধান নেতা আজিজুৰ ৰহমানে।

দুয়োটা দলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি সংগঠনটোৰ উপদেষ্টা ৰহমানে কয় সংখ্যালঘুৰ ভোট বিভাজনৰ বাবে গেৰুৱা দলটোৱে এ আই ইউ দি এফক ব্যৱহাৰ কৰি আহিছে।

“সংখ্যালঘু-অধ্যুষিত অঞ্চলত এ আই ইউ ডি এফক বিজেপিয়ে মেৰু বিভাজন কৰিবৰ বাবে ব্যৱহাৰ কৰিছে। হিন্দু এলেকাত মেৰু বিভাজন বিজেপিয়ে নিজেই কৰিছে। বাহিৰৰ পৰা ‘তেল আৰু পানী’ৰ দৰে সম্পৰ্ক দেখুৱাই দুয়োটা দলে ভিতৰি মিতিৰালি চলাই আছে,” ৰহমানৰ মন্তব্য।

নিৰ্বাচনত দুয়োটা দলকে বৰ্জনৰ আহ্বান জনাই সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ নেতাজনে লগতে কয় যে ২০০৫ চনত এ আই ইউ ডি এফৰ আৱিৰ্ভাব হোৱাৰে পৰা অসমত বিজেপিয়ে শক্তি লাভ কৰিলে।

“বিজেপি আৰু এ আই ইউ ডিএফ দুয়োটাই সাম্প্ৰদায়িক ৰাজনীতি কৰে। হিন্দুত্বৰ নামত বিজেপি, মুছলমানৰ নামত এ আই ইউ ডি এফ। অসমখন শংকৰদেৱ আৰু আজান ফকীৰৰ মিলনভূমি। জন্মৰে পৰা দেখি আহিছো হিন্দু-মুছলমান সকলোৱে কান্ধত-কান্ধ মিলাই সমাজখনক আগুৱাই নি আছে। সুস্থিৰ এখন অসমীয়া সমাজ গঢ়িবলৈ হ’লে দুয়োটা সাম্প্ৰদায়িক শক্তিকে নিৰ্বাচনত প্ৰতিহত কৰিব লাগিব,” ৰহমানৰ মত।

কংগ্ৰেছেও ইয়াৰ পূৰ্বে বিভিন্ন সময়ত একেই অভিযোগ কৰি আহিছিল।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱা অসমৰ ৭০টা জাতীয়-জনগোষ্ঠীয়-সংখ্যালঘু সংগঠনেও শুকুৰবাৰে বিজেপি মিত্ৰজোঁট আৰু এ আই ইউ দি এফক বৰ্জনৰ আহ্বান জনাইছে।