NORTHEAST NOW (Assamese)
অসম

টীয়কত অসম জাতীয় পৰিষদৰ ৰণডংকা; আঞ্চলিকতাবাদৰ ধাৰাত নতুন দিগন্তৰ সুচনা!

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 17, 2020 3:44 pm
Screenshot_2020-12-17-14-53-31_1

আজি শিৱসাগৰত অনুষ্ঠিত হৈছে অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন। ৰাজ্যৰ প্ৰায়বোৰ সমষ্টিৰ পৰা শিৱসাগৰলৈ আহিছে হাজাৰ হাজাৰ সমৰ্থক।

যোৰহাট জিলাৰ টীয়ক সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয়। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দেৰ সহস্ৰাধিক পুৰুষ মহিলা যুৱক-যুৱতী সমৰ্থকে টীয়কৰ পৰা শিৱসাগৰ অভিমুখে ৰেলী কৰি দলীয় শক্তি প্ৰদৰ্শন কৰে।

টীয়কৰ অন্যতম সমাজকৰ্মী প্ৰতাপ শইকীয়াৰ নেতৃত্বত বাহিৰ হোৱা এই ৰেলীটো প্ৰথমে টীয়ক কলিয়াপানীৰ পৰা ভগামুখস্থিত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰি  প্ৰতিমুৰ্তিত গামোচা পিন্ধাই আঞ্চলিকতাবাদৰ ধাৰাত নতুন দিগন্ত সুচনা কৰিবলৈ সংকল্পবদ্ধ হয়।

লগতে অগপই গাডী দখলৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ লগত মিতিৰালি কৰি আঞ্চলিকতাবাদত যি কালিমা সানিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দি জাতীয় পৰিষদে অনাগত দিনত প্ৰকৃত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায় মাত মাতি যাব বুলি মন্তব্য কৰিছে সমৰ্থকসকলে।

উল্লেখযোগ্য যে টীয়ক সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ বহু নেতা-পালিনেতা আজি আনুষ্ঠানিকভাৱে এ জে পি দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে।