NORTHEAST NOW (Assamese)

বিধেয়ক বাতিলৰ দাবীত বোকাখাতত অঃ জাঃ যুঃ ছাঃ পঃৰ উত্তাল প্ৰতিবাদ; পথ অৱৰোধ

December 5, 2019 8:54 pm · উত্তম শইকীয়া

“কেব”ক লৈ জ্বলিছে সমগ্ৰ ৰাজ্য। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজি বোকাখাতত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সন্ধিয়া বোকাখাতৰ যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ সমীপতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম জাতিয়তাবাদী ছাত্ৰ পৰিষদৰ সদস্য সকলে হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে কৰা এই প্ৰতিবাদৰ বাবে প্ৰায় এঘণ্টাৰ বাবে উজনি-নামনিৰ যাতায়াত বন্ধ হৈ পৰে।

প্ৰতিবাদকাৰীসকলে “নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অতুল বৰা মুৰ্দাবাদ” ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।

তাৰোপৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সংগঠনটোৰ ৰাজ্যিক উপ-সভাপতি দীপক হাজৰিকা আৰু অন্যান্য সদস্যসকলে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধায়ক মানি লোৱা নহ’ব বুলি উল্লেখ কৰে।

লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহ’লে আন্দোলন তীব্ৰ কৰাৰ কথাও ঘোষণা কৰে ছাত্ৰ সংগঠনটোৱে।

Related News