NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ অ’বামা কেন্দ্ৰিক মন্তব্যত লজ্জিত অখিল! বিশ্ববাসীৰ ওচৰত হাতযোৰ অখিলৰ

June 24, 2023 10:16 pm · এন ই নাও নিউজ, গুৱাহাটী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি বাৰাক অ’বামা সন্দৰ্ভত কৰা মন্তব্যত চৰম লজ্জিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বাবে অ’বামাৰ লগতে বিশ্ববাসীৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিছে অখিল গগৈয়ে।

এক ভিডিঅ’ যোগে হিমন্ত বিশ্ব শৰ্মাৰ হৈ বিধায়কগৰাকীয়ে ক্ষমা খুজিছে অ’বামা তথা বিশ্ববাসীৰ ওচৰত। ভিডিঅ’টোত অখিল গগৈয়ে কয়, “মোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰাক ওবামাৰ বিষয়ে সাম্প্ৰদায়িক মন্তব্য কৰাত মই লাজ পাইছো। মুখ্যমন্ত্ৰীৰ হৈ মই ক্ষমা বিচাৰিছো।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে এনে সাম্প্ৰদায়িক মন্তব্য কৰে বুলিও ভিডিঅ’টোত লগতে উল্লেখ কৰে অখিল গগৈয়ে। “গতিকে এজন ভাতৃ তথা অসম বিধানসভাৰ সহযোগী বিধায়ক হিচাপে তেখেতৰ হৈ ক্ষমা বিচাৰিছো। তেওঁৰ এই অদ্ভুত মন্তব্যৰ বাবে ক্ষমা কৰিব।”- অখিল গগৈয়ে লগতে কয়।

উল্লেখ্য যে এক সাক্ষাৎকাৰৰ সময়ত বাৰাক অ’বামাই ভাৰতত সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিষয়ে উত্থাপন কৰিছিল। অ’বামাৰ এই মন্তব্য সন্দৰ্ভত ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰোহিনী সিঙে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিক্ষেপ কৰিছিল এক প্ৰশ্ন।

এক টুইট যোগে ৰোহিনী সিঙে আৱেগক আঘাত দিয়াৰ বাবে অ’বামাৰ বিৰুদ্ধে গুৱাহাটী এফআইআৰ দাখিল কৰা হৈছেনে তথা কোনোবা বিমানৰ পৰা অ’বামাক নমাই আনি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষী ৱাশ্বিংটনলৈ গৈ আছে নেকি বুলি প্ৰশ্ন তোলে।

এই প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই এক বিতৰ্কিত মন্তব্য কৰি ভাৰততে বহু হুছেইন অ’বামা আছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয়, “ৱাশ্বিংটনলৈ যোৱাৰ কথা চিন্তা কৰাৰ আগতে আমি তেওঁলোকৰ চোৱাচিতা কৰাত অগ্ৰাধিকাৰ দিয়া উচিত। অসম আৰক্ষীয়ে আমাৰ নিজৰ অগ্ৰাধিকাৰ অনুসৰি কাম কৰিব।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ঘৃণাসূচক মন্তব্যৰ পাছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। দেশৰ লগতে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চিত হৈ পৰিছে শৰ্মাৰ এই বিতৰ্কিত মন্তব্য। সাংবিধানিক পদত অধিষ্ঠিত মুখ্যমন্ত্ৰী এগৰাকীৰ এনে উদ্ভট মন্তব্যই ভাৰতৰ কূটনৈতিক সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে বুলি বহুতেই শংকা প্ৰকাশ কৰিছে।

Related News