NORTHEAST NOW (Assamese)

Presidential election 2022: দ্ৰৌপদী মুৰ্মূক লৈ বিজেপিয়ে আদিবাসীৰ ট্ৰাম্পকাৰ্ড খেলিব বিচৰাটো লজ্জাজনক: অখিল গগৈ

July 18, 2022 11:37 am · কল্পজোতি শইকীয়া, গুৱাহাটী

NDA ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূক লৈ বিজেপিয়ে আদিবাসীৰ ট্ৰাম্পকাৰ্ড খেলিছে। এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ।

দ্ৰৌপদী মুৰ্মূ প্ৰকৃততে আদিবাসী নহয় বুলি দাবী অখিল গগৈৰ। মুৰ্মূ এগৰাকী অভিজাত মহিলা তথা তেওঁ “ক্ৰিমি লেয়াৰ”ত পৰা মহিলা বুলি দাবী বিধায়ক গগৈৰ।

তেওঁ কয় যে সকলোৱে জানে দৌপদী মুৰ্মু ৰাজ্যপাল থকাৰ লগতে কেইবাবাৰো বিধায়ক হৈছে। গতিকেই তেওঁ ক্ৰিমি লেয়াৰত পৰা মহিলা। তেওঁক লৈ আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলাটো যুক্তিসংগত হ’ব নোৱাৰে।

লগতে পঢ়ক: Presidential election 2022: আৰম্ভ হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া; অসম বিধানসভা চৌহদতো প্ৰৱেশ মন্ত্ৰী-বিধায়কৰ

অখিল গগৈয়ে কয় যে বিজেপিয়ে দ্ৰৌপদী মুৰ্মূক লৈ আদিবাসীৰ ট্ৰাম্পকাৰ্ড খেলাটো ঘৃণনীয় ৰাজনীতি। বিজেপি-আৰ এছ এছ সংৰক্ষণ ব্যৱস্থাৰ বিৰোধী, তেনেক্ষেত্ৰত আদিবাসী ট্ৰাম্পকাৰ্ড খেলাটো লজ্জাজনক কথা।

গগৈয়ে লগতে প্ৰশ্ন কৰে যে মুৰ্মূ ৰাষ্ট্ৰপতি হোৱা পাঁচবছৰৰ ভিতৰত আদিবাসীৰ ST/SC সংৰক্ষণ ব্যৱস্থা উঠাই দিয়া হ’ব নেকি?

আনহাতে, দেশৰ অৱস্থা শ্ৰীলংকাৰ দৰে হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে চাউল, চিৰা পিঠাগুৰি আৰু সান্দহ তথা ক্ষুদ্ৰ চাহ ব্যৱসায়ীৰ পাতত GST লগোৱা চৰকাৰে আদিবাসী আবেগৰ ৰাজনীতি খেলে। বৰ্তমান দেশৰ মানুহ হতাশাত ভূগিছে বুলিও কয় বিধায়ক গগৈয়ে।

লগতে পঢ়ক: Arrested for Facebook post on ULFA (I): আলফা স্বাধীনক সমৰ্থন কৰি ফেচবুক পোষ্ট দিয়া যুৱকক গ্ৰেপ্তাৰ

তেওঁ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ ৰাজ্য চৰকাৰখনৰ অৱস্থাও শোচনীয় বুলি দাবী কৰি গগৈয়ে কয় যে ৰাজ্যখনৰ অৱস্থা দেউলীয়া হৈ পৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই কেৱল হেলিকপ্টাৰ চলাই ৰাজ্যখন যে জীয়াই আছে তাক প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে।

Related News