NORTHEAST NOW (Assamese)

ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ; মহিলাগৰাকীৰ পৰিয়ালক নিৰাপত্তাৰক্ষী প্ৰদান কৰাৰো দাবী

August 11, 2018 11:18 pm · কল্পজ্যোতি শইকীয়া

এগৰাকী বিবাহিতা মহিলাক ধৰ্ষণ চলোৱা বুলি নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱা ৰেইল মন্ত্ৰী ৰাজেন গোহাঁইক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় অখিল গগৈয়ে। শণিবাৰে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদমেলত সম্বোধন কৰি গগৈয়ে এই দাবী জনায়।

আনহাতে, গোচৰীয়া মহিলাগৰাকীয়ে তেওঁ দাখিল কৰা আভিযোগ উঠাই লৈছে বুলি একাংশ মাধ্যমত ওলাই থকা খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিলে সাধাৰণ মানুহে গোচৰ উঠাই ল’বলৈ বাধ্য, মহিলাগৰাকীয়ে বাধ্যত পৰি গোচৰটো উঠাই লৈছে।’

‘ময়ো যদি নগাঁৱত গোচৰ ৰুজু কৰিবলৈ যাওঁ মোকো গুণ্ডা বাহিনী লগাই হত্যা কৰি পেলাব বা গাড়ী দুৰ্ঘটনা কৰি মাৰি পেলাব পাৰে।’ তেওঁ কয়।

গতিকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টোত হস্তক্ষেপ কৰি সমগ্ৰ বিষয়টোৰ বিশেষ তদন্তৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনোৱাৰ উপৰিও ৰাজ্যৰ গৃহ মন্ত্ৰী হিচাপে সোণোৱালক উক্ত পৰিয়ালটোক নিৰাপত্তাৰক্ষী প্ৰদান কৰিবৰ বাবে কৃষক নেতাগৰাকীয়ে দাবী কৰে।

তেওঁ লগতে কয়, ‘মন্ত্ৰীগৰাকী যিহেতু সাংবিধানিক পদত আছে, সেয়েহে আদালতে নিজাববীয়াকৈ গোচৰ লৈ গোটেই বিষয়টো আদালতৰ নিৰীক্ষণত চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’

আনহাতে, এজন মন্ত্ৰীৰ বিৰুদ্ধে এগৰাকী সাধাৰণ মহিলাই ধৰ্ষণৰ গোচৰ দিয়াটোৱেই বহুত কঠিন কাম বুলিও সংবাদমেলত গগৈয়ে কয়।

উল্লেখযোগ্য যে, কালিও সংবাদ মাধ্যমৰ আগত কৃষক নেতাগৰাকীয়ে ৰাজেন গোহাঁইৰ বিৰুদ্ধে এই অভিযোগটো উঠাৰ লগে লগেই তেওঁক সকলোধৰণৰ ৰাজহুৱা পদৰ পৰা পদত্যাগ কৰিবৰ বাবে দাবী জনাইছিল।

Related News