NORTHEAST NOW (Assamese)
অসম

কৃষক নেতা অখিল গগৈৰ মুক্তি কামনাৰে নামঘৰৰ গুৰু আসনৰ সন্মুখত বন্তি জ্বলাই প্ৰাৰ্থনা মাতৃ প্ৰিয়দা গগৈৰ 

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 5, 2021 8:45 pm
কৃষক নেতা অখিল গগৈৰ মুক্তি কামনাৰে নামঘৰৰ গুৰু আসনৰ সন্মুখত বন্তি জ্বলাই প্ৰাৰ্থনা মাতৃ প্ৰিয়দা গগৈৰ 

বিগত এটা বছৰে কাৰবন্দী হৈ থকা যোৰহাট জিলাৰ চেলেং লুখুৰাখনৰ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ প্ৰতীক্ষাত নিতৌ বাট চাই ৰৈছে অখিল গগৈৰ ৰূগীয়া মাতৃ।

বিজেপি নেতৃত্বাধীন চৰকাৰখনে অখিল গগৈৰ ওপৰত ইটোৰ পাছত সিটো নতুন গোচৰ জাপি দি অখিল গগৈক বন্দী কৰি ৰখাৰ পাছত ক্ৰমাৎ হতাশ হৈ পৰিছে মাতৃ প্ৰিয়দা গগৈ।

পুত্ৰক বিনা দোষত কাৰাবন্দী কৰি ৰখা বুলি বিশ্বাস কৰা অখিল মাতৃয়ে ভাৰতৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি অখিলক মুক্তি দিব বুলি নিতৌ পৰম আশাৰে বাট চাই আহিছে কিন্ত অখিলৰ জামিনৰ শুনানী শেষ হোৱা পাছতো আজি পৰ্যন্ত মাতৃৰ আশা পুৰণ কৰি অখিল গগৈ মুকলি আকাশৰ তললৈ নাহিল।

অখিল গগৈৰ দৃঢ়মনা সাহসী মাতৃ প্ৰিয়দা গগৈৰ বাবে যেন এতিয়া ভগবানে শেষ ভৰষা হৈ পৰিছে।

ৰুগীয়া দেহাৰে অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে মৰিয়নী চেলেংহাট লুখুৰাখন গাঁৱৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত এগছি বন্তি জ্বলোৱা লগতে অখিলৰ মুক্তি কামনাৰে ভগৱন্তৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছে।

‘‘মোৰ অখিলে একো দোষ কৰা নাই, বিনা দোষত ইমান কষ্ট দিছে লৰাটোক। অকলশৰীয়া বিধৱা মাতৃৰ কাষৰ পৰা লৰাটোক আঁতৰাই ৰাখি বহুত অন্যায় কৰা হৈছে’’ অখিল মাতৃয়ে চকু পানী টুকি সাংবাদিকৰ আগত এইদৰে কয়।

দীৰ্ঘদিনৰ পৰা উচ্চ ৰক্তচাপৰ লগতে মধুমেহ ৰোগত আক্ৰান্ত অখিল মাতৃ প্ৰিয়দা গগৈ পুত্ৰৰ কাৰামুক্তিৰ চিন্তাতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে বুলি জানিবপৰা গৈছে ।

আনহাতে কৃষক নেতা গৰাকীৰ জামিনৰ শুনানি সম্পূৰ্ণ হোৱাৰ পাছতো ন্যায়ালয়ে ৰায় নিদিয়াত এতিয়া অখিল গগৈৰ মুক্তি সন্দৰ্ভত অনিশ্চয়তা আহি পৰিছে।