NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰদ্ৰোহৰ বিচাৰৰ মুখত অখিল গগৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2019 5:18 pm
Akhil Gogoi to face court proceedings in sedition case

অখিল গগৈৰ বিৰুদ্ধে থকা “ৰাষ্ট্ৰদ্ৰোহ”ৰ এক গোচৰৰ বিচাৰ চলিব। ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে প্ৰদান কৰিছে এই ৰায়।

গগৈৰ লগতে একে গোচৰত অভিযুক্ত তেওঁৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুজন সতীৰ্থক ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগৰ পৰা আদালতে ৰেহাই দিছে।

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ পৰা দোষমুক্ত হোৱা আন দুজন ব্যক্তি হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিকৰ সভাপতি দেৱজিৎ বৰুৱা আৰু প্ৰদীপ হালৈ।

ভাৰতীয় দণ্ড বিধিৰ ৰাষ্ট্ৰদ্ৰোহৰ ধাৰা ১২৪এ’ত গগৈৰ সন্দৰ্ভত বিচাৰ চলিব।

গগৈ বৃহস্পতিবাৰৰ শুনানিত আদালতত উপস্থিত আছিল।

২০১৭ চনৰ ছেপ্তেম্বৰত মৰাণ থানাত গগৈ আৰু তেওঁৰ দুই সতীৰ্থৰ বিৰুদ্ধে গোচৰটো ৰুজু হৈছিল।