NORTHEAST NOW (Assamese)
অসম

পল্লৱ লোচনৰ বাবে সংকট! : ভোট নিদিবলৈ আহ্বান আক্ৰাছুৰ

April 1, 2019 12:10 pm
Pallab Lochan Das_3

‘কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশীসকলক দীৰ্ঘদিন ধৰি চূড়ান্তভাৱে প্ৰতাৰণা কৰি আহিছে। সেই কাৰণেই এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিক কোচ ৰাজবংশী ৰাইজে ভোট বৰ্জন কৰিছো।‘ এই মন্তব্য শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম দাসৰ।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসৰ প্ৰতি প্ৰবল ভাবুকি সৃষ্টি কৰি শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই লোকসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰাৰ বাবে কোচ ৰাজবংশী ৰাইজক এইদৰে আহ্বান জনায়।

৩১ মাৰ্চত বালিপাৰাত অনুষ্ঠিত জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনত সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি বিক্ৰম দাসে কয় যে, ‘আমি কোচ ৰাজবংশী অধ্যুষিত গাঁও আৰু অঞ্চলবোৰত কোচ ৰাজবংশী ৰাইজক বিজেপিক ভোট নিদিবৰ বাবে কাৰণে আহ্বান জনাইছো। আমি বিজেপিক বৰ্জন কৰিছো। আমাৰ প্ৰাপ্য, আমাৰ ন্যায্য দাবী আৰু আমাৰ অধিকাৰ যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে এই বিৰোধিতা, প্ৰতিবাদ আৰু আন্দোলন অব্যাহত ৰাখিব।’

তাৰোপৰি ছাত্ৰ সন্থাৰ নেতা গৰাকীয়ে কোচ ৰাজবংশীসকলৰ সন্দৰ্ভত মাত নমতা বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসক ভোট নিদিবৰ বাবে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধান সভা সমষ্টিৰ এলেকাত থকা কোচ ৰাজবংশী ৰাইজক আহ্বান জনায়।