NORTHEAST NOW (Assamese)

‘আছে অস্ত্ৰ লোৱা নাই, ল’লে অস্ত্ৰ ৰক্ষা নাই’ : অৰ্দ্ধ উলংগ হৈ দিচপুৰ কঁপালে আক্ৰাছুৱে

September 28, 2018 1:01 pm · কল্পজ্যোতি শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

পৃথক কমতাপুৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অতুল বৰ্মন গোটে অৰ্দ্ধ উলংগ হৈ দিচপুৰ লাষ্টগেইটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ পৰা প্ৰতাৰিত, নিস্পেষিত আৰু লাঞ্চিত হৈ অহাৰ অভিযোগ অভিযোগ উত্থাপন কৰি ‘NO ST NO REST’ আমাৰ দাবী ন্যায্য দাবী’, আছে অস্ত্ৰ লোৱা নাই,লে অস্ত্ৰ ৰক্ষা নাই আদি শ্লগানেৰে উত্তাল কৰি তোলে দিচপুৰ লাষ্টগেইট।

প্ৰতিবাদত অংশগ্ৰহণ কৰা আক্ৰাছুৰ সভাপতি অতুল বৰ্মনে নৰ্থ-ইষ্ট নাওক কয় যে বিজেপি চৰকাৰে ভোটবেংকৰ স্বাৰ্থত কোচ ৰাজবংশীসকলক ব্যৱহাৰ কৰি আহিছে।

তেওঁ লগতে কয়, “অতি পৰিতাপৰ কথা যে কংগ্ৰেছৰ পৰা আদি কৰি বৰ্তমানৰ বিজেপি চৰকাৰে এই জনগোষ্ঠীক সদায় প্ৰতাৰণা কৰি আহিছে। এই চৰকাৰৰ নেতৃত্বত কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাটো দূৰৰে কথা, ভুমি পুত্ৰ তথা খিলঞ্জীয়াক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি বিদেশী সজোৱাৰ পৰিকল্পনাহে চলাই থকা পৰিলক্ষিত হৈছে।”

আনহাতে তেওঁ অভিযোগ কৰে যে বহু কোচ ৰাজবংশী খিলঞ্জীয়া লোকক ডিটেনশ্বন কেম্পত ভৰাই থৈছে এই চৰকাৰখনে। লগতে ডি ভোটাৰ সজাই জনগোষ্ঠীটোক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ কয়।

তেওঁ চৰকাৰক দাবী কৰি কয়, ‘ডি ভোটাৰৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাটো বন্ধ কৰিব লাগে। তাৰেপৰি ডিটেনশ্বন কেম্পত থকা কোচ ৰাজবংশীসকলক বিনাচৰ্তে মুকলি কৰি দিব লাগে।”

আনহাতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতাৰণাৰ বলি হৈ অহা বাবেই পৃথক কমতাপুৰ ৰাজ্য গঠনৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে প্ৰায় ৫ শতাধিক লোকে অংশ লোৱা অৰ্দ্ধ উলংগ প্ৰতিবাদত তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে বিজেপিক অসমৰ পৰা চিৰবিদায় দিয়াৰো হুংকাৰ দিয়ে সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই।

Related News