NORTHEAST NOW (Assamese)
অসম

নিলাম হ’ল এলবাৰ্ট আইনষ্টাইনৰ কালজয়ী আপেক্ষিকতাবাদ তত্ত্বৰ পাণ্ডুলিপি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 27, 2022 8:27 pm

পদাৰ্থ বিজ্ঞানৰ বহু নীতিক স্পষ্ট ৰূপত প্ৰকট কৰা মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ কালজয়ী আপেক্ষিকতাবাদ তত্ত্ব এইবাৰ নিলাম হ’ল।

ভাৰতীয় টকাৰ হিচাবত কেইবা কোটি টকাত নিলাম হৈছে এই সূত্ৰৰ কথা লিখা থকা পাণ্ডুলিপি।

আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদ তত্ত্বৰ বিষয়ে লিখা এক পাণ্ডুলিপি ১১.৭ নিযুত ইউৰো (প্ৰায় ১৩ নিযুত ডলাৰ)ত নিলাম হৈছে।

পাণ্ডুলিপিটো পেৰিছৰ নিলামকাৰী সংস্থা ক্ৰিষ্টিয়ে এজন বেনামী ক্ৰেতাক বিক্ৰী কৰিছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

ক্ৰিষ্টিয়ে ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা মতে ১৯১৩ চনৰ জুনৰ পৰা ১৯১৪ চনৰ আৰম্ভণিলৈ আইনষ্টাইন আৰু মিচেল বেচোই লিখা আপেক্ষিকতাবাদ সম্পৰ্কীয় তত্বৰ ৫৪ পৃষ্ঠাৰ পাণ্ডুলিপিটো বিশ্বৰ এক আপুৰীয়া সম্পদ হিচাবে বিবেচিত হৈ আহিছে।

এই পাণ্ডুলিপিত বিজ্ঞানীজনৰ মনৰ বিভিন্ন ভাৱাবেগো ফুটি উঠা বুলি ক্ৰিষ্টি নামৰ সংস্থাটোৱে উল্লেখ কৰিছে। 

১৩ নিযুত ডলাৰত সেয়া নিলাম হয়। যি ধৰণৰ পৰিমাণ ভাৰতীয় টকাৰ হিচাবত বহু কোটি টকা হ’ব।