NORTHEAST NOW (Assamese)

ONGC ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত অলকা মিত্তাল

January 4, 2022 3:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 4, 2022 3:19 pm

অইল এণ্ড নেচাৰেল গেছ কোম্পানী (ONGC) ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত হৈছে অলকা মিত্তাল। এইদৰে তেওঁ প্ৰতিষ্ঠানটোৰ এই শীৰ্ষ পদত নিযুক্তি লাভ কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।

অ’এনজিচিৰ মানৱ সম্পদৰ সঞ্চালক অলকা মিত্তালক ৩ জানুৱাৰীত অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

অ’এনজিচিৰ মতে, মিত্তালে ছয় মাহৰ বাবে বা পদটোৰ বাবে নিয়মীয়া নিযুক্তি ঘোষণা নোহোৱালৈকে চিএমডি পদত অধিষ্ঠিত থাকিব।

 

অ’এনজিচিৰ প্ৰাক্তন মুৰব্বী শশী শংকৰে ২০২১ চনৰ ৩১ মাৰ্চত অৱসৰ লোৱাৰ পিছত পূৰ্ণ-সময়ৰ চিএমডি নিযুক্ত কৰা হোৱা নাছিল।

নিয়ম অনুসৰি পদস্থ ব্যক্তিজনৰ অৱসৰৰ কেইমাহমান পূৰ্বে চিএমডি বাছনি কৰা হয়। কিন্তু শশী শংকৰৰ অৱসৰৰ পিছত প্ৰাক্তন সঞ্চালক (বিত্ত) সুভাষ কুমাৰক অস্থায়ীভাৱে চিএমডি পদত নিয়োগ কৰা হৈছিল। ডিচেম্বৰৰ শেষৰ ফালে সুভাষ কুমাৰে অৱসৰ গ্ৰহণ কৰিছিল।

ONGC ৰ বিবৃতি অনুসৰি বৰ্তমান পৰিচালক মণ্ডলীৰ জ্যেষ্ঠতম হিচাপে মিত্তালক এই পদত নিয়োগ কৰা হৈছে।

Related News