NORTHEAST NOW (Assamese)

অৱসান শ্বাসৰুদ্ধকৰ ১৭ টা দিনৰ: মুকলি আকাশৰ তললৈ সুৰঙ্গত আৱদ্ধ ৪১ শ্ৰমিক

November 28, 2023 9:48 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত উত্তৰাখণ্ডৰ ছিল্ক্যাৰাৰ সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকে ১৭ দিনৰ পিছত দেখা পালে মুকলি আকাশ।

দীৰ্ঘদিনীয়া অভিযানৰ অন্তত আজি সফলতাৰ মুখ দেখিলে শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চলি থকা উদ্ধাৰ অভিযানে।

দেশী-বিদেশী বহু উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰেৰে শ্ৰমিক উদ্ধাৰৰ বাবে চলি থকা অভিযানৰ অন্তত আজি সুৰংগত আৱদ্ধ প্ৰতিগৰাকী শ্ৰমিকক উদ্ধাৰ কৰা হয়।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, চমুকৈ NDRFৰ কৰ্মীসকলে প্ৰথমে পাইপেৰে তললৈ নামি শ্ৰমিকসকলৰ অৱস্থাৰ মূল্যায়ন কৰিছিল।

তাৰ পিছত সুনিৰ্দিষ্ট পৰিকল্পনাৰ আধাৰত জৰিয়তে তেওঁলোকক পথ প্ৰদৰ্শন কৰি বাহিৰলৈ উলিয়াই আনে।

উল্লেখ্য যে, ঘটনাস্থলীত প্ৰতিগৰাকী শ্ৰমিকৰ বাবে এখনকৈ, মুঠ ৪১ খন এম্বুলেন্স সাজু কৰি ৰখা হৈছিল।

সুৰংগৰ ভিতৰতে শ্ৰমিকসকলৰ প্ৰাথমিক স্বাস্থ্য পৰিক্ষাৰ পিছত প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত চিনিয়ালিছাউৰত স্থাপন কৰা জৰুৰীকালীন চিকিৎসা কেন্দ্ৰলৈ তেওঁলোকক লৈ যোৱা হয়।

অভিযানৰ সফলতাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে আৱদ্ধ শ্ৰমিক তথা তেওঁলোকৰ পৰিয়ালৰ সাহস আৰু ধৈৰ্য্য আৰু উদ্ধাৰ কৰ্মীৰ সাহস আৰু দৃঢ়তাৰ প্ৰশংসা কৰে।

Related News