NORTHEAST NOW (Assamese)

হাড়ৰ কৰ্কটৰোগ : ডাঃ বিক্ৰম কুমাৰ ডেকা

July 31, 2024 2:02 pm · ডাঃ বিক্ৰম কুমাৰ ডেকা

আমাৰ দেহৰ আন যিকোনো অংশৰ দৰে আমাৰ দেহৰ হাড়বোৰো কৰ্কটৰোগত আক্ৰান্ত হয়। অৰ্থাৎ হাড়ৰ কোষৰ অস্বাভাৱিক বৃদ্ধি ঘটি কৰ্কটৰোগজনিত টিউমাৰৰ সৃষ্টি হব পাৰে। অৱশ্যে হাড়ত সৃষ্ট সকলো টিউমাৰ কৰ্কটৰোগজনিত(মেলিগনেন্ট)নহয়। কৰ্কটৰোগজনিত নোহোৱা টিউমাৰবোৰক বিনাইন বুলি কোৱা হয়৷ সেইবোৰ বিয়পি নপৰে। বিভিন্ন ধৰণৰ টিউমাৰ হাড়ত সৃষ্টি হব পাৰে। প্ৰাইমেৰী বন কেন্সাৰ বা কৰ্কটৰোগ খুব বিৰল। আনহাতেদি হাড়ত হোৱা যিবিধ কেন্সাৰৰোগ আন অংশত হোৱা কেন্সাৰৰ পৰা  বিয়পি পৰে,যেনেধৰক স্তনৰ কৰ্কটৰোগৰ পৰা হাড় বা হাড়ৰ অন্যান্য অংশলৈ,সেইবিধক চেকেণ্ডেৰী বা মেটাষ্টেটিক বন কেন্সাৰ বুলি কোৱা হয়। প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত হাড়লৈ বিয়পি পৰা কৰ্কটজনিত টিউমাৰবিধ প্ৰাইমেৰী বন কেন্সাৰৰ তুলনাত অধিক হোৱা দেখা যায়। যদিও প্ৰায় সকলোধৰণৰ কৰ্কটৰোগেই হাড়লৈ বিয়পিব পাৰে,মেটাষ্টেটিক বন কেন্সাৰৰ ক্ষেত্ৰত ই মূলতঃ স্তন বা প্ৰষ্টেট গ্ৰন্থি আদিৰ কৰ্কটৰোগৰ পৰা অধিক বিয়পে। হাড়ত সৃষ্টি হোৱা মেটাষ্টেটিক টিউমাৰৰ ফলত হাড়ত ফ্ৰেকচাৰ বা ফাট মেলা,বিষ,অস্বাভাৱিকভাৱে তেজত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি আদি লক্ষণ দেখা দিব পাৰে।

প্ৰাইমেৰী বন কেন্সাৰ ৰোগৰ প্ৰকাৰ কেইবাবিধো আছে। তাৰে কেইবিধমান হল-

১) অষ্টিঅচাৰকমা : এইবিধ হাড়ৰ কৰ্কটৰোগ হাড় সৃষ্টি কৰা অষ্টিঅব্লাষ্টছ নামৰ কোষৰ অপৈণত কোষিকাত জন্ম   হয়। এইবিধ কেন্সাৰজনিত টিউমাৰ শিশুৰ ক্ষেত্ৰত সাধাৰণতে কাষলতিৰ ওচৰত বা বাহুৰ হাড়ত নতুবা ভৰিৰ আঠুৰ ওচৰৰ হাড়ত সৃষ্টি হয়৷ প্ৰাপ্তবয়স্ক তথা তাৰ উৰ্দ্ধৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই দুই অংশৰ লগতে দেহৰ যিকোনো অংগতেই এনে কেন্সাৰজনিত টিউমাৰ সৃষ্টি হব পাৰে। ই অতি সোনকালে হাওঁফাওঁৰ লগতে দেহৰ অন্যান্য অংগলৈ বিয়পি পৰে। অষ্টিঅচাৰকমা ১০-১৯ বছৰ বয়সৰ শিশু-কিশোৰ তথা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়৷ অষ্টিঅচাৰকমাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা মহিলাতকৈ পুৰুষৰ বেছি হয়।

২) কন্দ্ৰচাৰকমা : এইবিধ হাড়ৰ কৰ্কটৰোগ হাড়ৰ কাৰ্টিলেজ নামৰ অংশৰ কোষত সৃষ্টি হয়। কাৰ্টিলেজ হৈছে হাড়ৰ সেইটো অংশ,যিয়ে হাড়ৰ অন্তিম অংশ আৰু সংযোগস্থলবোৰক বান্ধি ৰাখে। এইবিধ অৰ্থাৎ কন্দ্ৰচাৰকমা জঘন,কান্ধ,ভৰিৰ ওপৰৰ অংশ আদিত উদ্ভৱ হয় আৰু খুব লাহে লাহে বৃদ্ধি পায়। সাধাৰণতে ই লাহে লাহে বৃদ্ধি পায় যদিও,কেতিয়াবা হঠাৎ তড়িৎ গতিত বৃদ্ধি পাই দেহৰ আন আন অংশ বা অংগলৈ বিয়পি পৰে। কন্দ্ৰচাৰকমা সাধাৰণতে চল্লিশৰ উৰ্দ্ধৰ ব্যক্তিৰহে হোৱা দেখা যায়।

৩) ইৱিঙ চাৰকমা : হাড়ৰ এইবিধ কৰ্কটৰোগ হাড়তেই সৃষ্টি হয় যদিও ইয়াৰ বাদেও কদাচিত আন আন অংশতো যেনে মাংসপেশী,চৰ্বী,তেজ পৰিবাহী নলিকা আদিতো সৃষ্টি হব পাৰে। সাধাৰণতে জঘন(pelvis),ভৰি,কামিহাড় আদিত সৃষ্টি হয় যদিও,আন যিকোনো হাড়তো সৃষ্টি হব পাৰে। এইবিধ টিউমাৰ অতি ক্ষিপ্ৰতাৰে বাঢ়ে আৰু দেহৰ অন্যান্য অংশলৈ একেই ক্ষিপ্ৰতাৰে বিয়পিও পৰে। এইবিধ কৰ্কটৰোগো শিশুৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত হোৱা দেখা যায়। ই সাধাৰণতে ছোৱালীতকৈ লৰাৰ ক্ষেত্ৰত অধিক হয়।

যদিও হাড়ৰ কৰ্কটৰোগৰ স্পষ্ট কোনো কাৰণ নাই,তথাপি কিছুমান কাৰকৰ বাবে এই ৰোগৰ টিউমাৰ সৃষ্টি হব পাৰে বুলি গৱেষকসকলে কয়। তেনে দুটামান কাৰক হৈছে-

১) পূৰ্বে ৰেডিয়েচন,কেমথেৰাপীৰে কৰা কৰ্কটৰোগৰ চিকিৎসা আৰু ষ্টেম চেল ট্ৰান্সপ্লান্টেচন – দেহৰ যি অংশত পূৰ্বে ৰেডিয়েচন দিয়া হৈছে,তাত অষ্টিঅচাৰকমা সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক থাকে। লগতে আন কেন্সাৰনাশক দৰৱৰ প্ৰয়োগৰ ফলতো হাড়ৰ কৰ্কটৰোগ সৃষ্টি হব পাৰে। শিশুৰ ক্ষেত্ৰত ষ্টেম চেল ট্ৰান্সপ্লান্টেচন কৰিলেও অষ্টিঅচাৰকমা হোৱাৰ সম্ভাৱনা ৫% থাকে।

২) পাৰিবাৰিক বা জন্মসূত্ৰে সূত্ৰে পোৱা কৰ্কটৰোগ – কিছু কম পৰিমাণৰ হাড়ৰ কৰ্কটৰোগ পাৰিবাৰিক সূত্ৰেও পোৱা যায়। চকুৰ এবিধ বিৰল কৰ্কটৰোগত আক্ৰান্ত হোৱা শিশুৰ পৰৱৰ্তী সময়ত অষ্টিঅচাৰকমা হব পাৰে।

এতিয়া আহিছো হাড়ৰ কৰ্কটৰোগৰ লক্ষণৰ কথালৈ। সাধাৰণতে বিষেই হাড়ৰ কৰ্কটৰোগৰ লক্ষণৰূপে দেখা দিয়ে যদিও,সকলো হাড়ৰ কৰ্কটৰোগত বিষ নহয়। একেলেঠাৰিয়ে হৈ থকা হাড়ৰ ওচৰৰ বিষ বা ফুলা কৰ্কটৰোগৰ এক লক্ষণ হব পাৰে। লগতে দেহৰ ভিন্ন অংশত সৃষ্টি হোৱা টেমুনাও হাড়ৰ কৰ্কটৰোগৰ লক্ষণ হব পাৰে। কোনো বিশেষ কাৰণ নোহোৱাকৈ হাড় ভাগিব পাৰে। মুঠতে হাড়ৰ ক্ষেত্ৰত এনে কোনো অস্বাভাৱিকতা দেখিলেই,চিকিৎসকৰ কাষ চপাটো জৰুৰী।

এতিয়া আহিছোঁ,হাড়ৰ কৰ্কটৰোগ কিদৰে নিৰ্ধাৰণ বা পৰীক্ষণ কৰি উলিওৱা হয় সেই দিশলৈ। ভিন্ন প্ৰকাৰৰ পৰীক্ষা-নিৰীক্ষাৰ জড়িয়তে হাড়ৰ কৰ্কটৰোগ ধৰা পেলাব পাৰি। তেনে কেইবিধমান পৰীক্ষণ হৈছে-

১) এক্স-ৰে : ইয়াৰ জড়িয়তে কেন্সাৰজনিত টিউমাৰৰ স্থান,আকৃতি,আকাৰ আদিৰ উমান পাব পাৰি। যদিহে এক্স-ৰেত কৰ্কটৰোগজনিত কিবা থকাৰ উমান পোৱা যায় তেতিয়া চিকিৎসকে আন পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব পাৰে। আনহাতে যদিহে ই বিনাইন টিউমাৰো হয়(যদিহে ৰোগীজনে অহৰহ বিষত ভূগি থাকে),তেতিয়াও চিকিৎসকে আন পৰীক্ষণৰ পৰামৰ্শ দিব পাৰে।

২) বন স্কেন : এই পৰীক্ষাবিধত এবিধ তেজস্ক্ৰিয় পদাৰ্থ ৰোগীৰ দেহত তেজত ইনজেকচনৰ মাধ্যমেৰে সুমুৱাই দিয়া হয়। ই গোটেই দেহৰ তেজত বিয়পি পৰাৰ পিছত হাড়ত জমা হয় আৰু ইয়াক স্কেনাৰৰ জড়িয়তে পৰীক্ষা কৰা হয়।

৩) কম্পিউটেড টগ্ৰাফী বা চি টি স্কেন : এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াত এটি কম্পিউটাৰৰ লগত সংযুক্ত এক্স-ৰে মেচিনৰ দ্বাৰা দেহৰ ভিতৰৰ ভিন্ন অংগৰ পুংখানুপুংখভাৱে আৰু ধাৰাবাহিকভাৱে বহুখিনি চিত্ৰ লোৱা যায়। প্ৰয়োজনত বেজীৰ মাধ্যমেৰে পৰীক্ষা কৰিব লগীয়া অংশত দৰৱৰ প্ৰয়োগ কৰি নিৰ্দ্দিষ্ট অংগবোৰৰ ছবি অধিক স্পষ্ট কৰি তুলিব পৰা যায়।

৪) এম আৰ আই : ই এক চুম্বকীয় পৰীক্ষণ প্ৰক্ৰিয়া,ত এটি চুম্বক,ৰেডিঅ’ তৰংগ আৰু কম্পিউটাৰৰ ব্যৱহাৰেৰে নিৰ্দ্দিষ্ট অংশৰ পুংখানুপুংখ ছবি গ্ৰহণ কৰা হয়।

৫) পেট স্কেন : এই পৰীক্ষণ প্ৰক্ৰিয়াত এক অতি কম মাত্ৰাৰ তেজস্ক্ৰিয় ছুগাৰ বা গ্লুকজ শৰীৰৰ ভিতৰলৈ সিৰাৰ মাধ্যমেৰে ভৰাই দিয়া হয়। তাৰপিছত এটি স্কেনাৰে দেহৰ সমগ্ৰ অংশত ঘূৰি ঘূৰি দেহৰ ভিতৰৰ পৰিষ্কাৰ চিত্ৰ গ্ৰহণ কৰে। তেজস্ক্ৰিয় গ্লুকজক কৰ্কটৰোগজনিত কোষে অধিক শোষণ কৰে। গতিকে কৰ্কটৰোগজনিত কোষ আছে নে নাই ধৰা পৰাত সহায়ক হৈ পৰে।

৬) এঞ্জিঅগ্ৰাম : এইবিধ পৰীক্ষণ তেজ পৰিবাহী নলিকাৰ এক্স ৰে।

৭) বায়পছি : এই প্ৰক্ৰিয়াত হাড়ৰ টিউমাৰৰ কোষৰ পৰা সামান্য কোষিকা উলিয়াই আনি কেন্সাৰৰ উপস্থিতি আছে নে নাই সেই পৰীক্ষা কৰা যায়। তিনি প্ৰকাৰৰ বায়পছি কৰা হয়-নিডল বায়পছি,এক্সিজনেল বায়পছি আৰু ইনচিজনেল বায়পছি। নিডল বায়পছিত শল্য চিকিৎসকে হাড়ত এটা সৰু ফুটা কৰি তাৰ পৰা প্ৰয়োজনীয় অংশ চিৰিঞ্জেৰ দৰে সঁ‌জুলিৰে উলিয়াই আনে পৰীক্ষাৰ বাবে। এক্সিজনেল বায়পছিত সন্দেহজনক টিউমাৰ বা অংশটোক সম্পূৰ্ণৰূপে উলিয়াই আনি পৰীক্ষণ কৰে। আনহাতে ইনচিজনেল বায়পছিত চিকিৎসকে টিউমাৰটো কাটি তাৰ পৰা প্ৰয়োজনীয় কোষিকা উলিয়াই আনি পৰীক্ষা কৰে।

পৰীক্ষণৰ পিছত এতিয়া আহিছোঁ হাড়ৰ কৰ্কটৰোগৰ চিকিৎসাৰ দিশলৈ। হাড়ৰ কৰ্কটৰোগৰ চিকিৎসা ইয়াৰ স্তৰ,প্ৰকাৰ,আকাৰ আৰু অৱস্থিতৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয়। লগতে ব্যক্তিজনৰ বয়স আৰু স্বাস্থ্যৰ আন অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে চিকিৎসা। মূলতঃ হাড়ৰ কৰ্কটৰোগৰ চিকিৎসাত অস্ত্ৰোপচাৰ, কেমথেৰাপী, ৰেডিয়েচন থেৰাপী, ক্ৰায়চাৰ্জাৰী আৰু টাৰ্গেটেড থেৰাপীৰ প্ৰয়োগ কৰা হয়।

১) অস্ত্ৰোপচাৰ : হাড়ৰ কৰ্কটৰোগৰ অস্ত্ৰোপচাৰত হাড়ৰ পৰা কেন্সাৰৰোগজনিত কোনো কোষিকা কাষে-পাজৰে নোৰোৱাকৈ সম্পূৰ্ণ টিউমাৰটো গুচাই পেলোৱা হয়। আনহাতে চিকিৎসকে অস্ত্ৰোপচাৰ কৰোতে,স্বাভাৱিক বা সুস্থ কোষিকা উলিয়াই অনা কম হবলৈ বিশেষ অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াৰ সহায় লব পাৰে। অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত অহা অভাৱনীয় নতুনত্বৰ বাবে এই হাড়ৰ অস্ত্ৰোপচাৰ বহু পৰিমাণে সহজ হৈ পৰিছে।

২) কেমথেৰাপী : কেন্সাৰ প্ৰতিৰোধী দৰৱ প্ৰয়োগ কৰাৰ এই প্ৰক্ৰিয়াকে কেমথেৰাপী বোলা হয়। যি ৰোগীৰ ইৱিঙ চাৰকমা হৈছে বা নকৈ অষ্টিঅচাৰকমাত আক্ৰান্ত হৈছে তেওঁলোকক কেমথেৰাপীৰ যোগেদি অস্ত্ৰোপচাৰৰ আগতে মিশ্ৰিত হিচাপত এক দৰৱৰ প্ৰয়োগ কৰা হয়। কন্দ্ৰচাৰকমাত অৱশ্যে কেমথেৰাপী ব্যৱহৃত নহয়।

৩) ৰেডিয়েচন থেৰাপী : এইবিধ চিকিৎসা প্ৰক্ৰিয়াত  কৰ্কটৰোগৰ কোষসমূহ সমূলি নষ্ট কৰিবলৈ উচ্চ শক্তিসম্পন্ন এক্স-ৰেৰ প্ৰয়োগ কৰা হয়। ৰেডিয়েচন থেৰাপী অস্ত্ৰোপচাৰৰ সমন্বিতে দিবও পাৰি। এই থেৰাপী সাধাৰণতে ইৱিঙ চাৰকমাত ব্যৱহাৰ কৰা হয় যদিও বাকী কেইবিধ চাৰকমাতো ব্যৱহাৰ কৰিব পাৰি। আনহাতে যিসকল ৰোগীৰ অস্ত্ৰোপচাৰ হোৱা নাই,তেওঁলোকৰ ক্ষেত্ৰতো এই ৰেডিয়েচন থেৰাপীৰ প্ৰয়োগ কৰিব পাৰি।

৪) ক্ৰায়চাৰ্জাৰী : এই চিকিৎসা প্ৰক্ৰিয়াত পনীয়া নাইট্ৰজেনৰ ব্যৱহাৰ কৰি কেন্সাৰ ৰোগজনিত কোষসমূহক মাৰি পেলোৱা বা গোট মৰাই দিয়া হয়। গতানুগতিক অস্ত্ৰোপচাৰৰ ঠাইত এই অস্ত্ৰোপচাৰ ব্যৱহাৰ কৰিব পৰা যায়।

৫) টাৰ্গেটেড থেৰাপী : এইবিধ চিকিৎসা প্ৰক্ৰিয়াত এনে দৰৱ বা পদাৰ্থৰ ব্যৱহাৰ কৰা হয়,যাৰ যোগেদি নিৰ্দ্দিষ্ট কেঞ্চাৰৰ কোষক চিনাক্ত কৰা আৰু কোষসমূহক নষ্ট কৰা যায়।

এই লেখাটোত উল্লেখ কৰাধৰণৰ কোনো সমস্যাই দেখা দিলে ততালিকে চিকিৎসকৰ ওচৰ চপাটো অতিশয় জৰুৰী৷

ডাঃ বিক্ৰম কুমাৰ ডেকা।
(কৰ্কট ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)
চিকিৎসকৰ ফোনঃ- ৯৫৬০৬৩০২০৫

Related News