NORTHEAST NOW (Assamese)

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ষ্টাফ নাৰ্ছৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী সদৌ অসম নাৰ্ছ সন্থাৰ

July 12, 2020 7:06 pm · কল্পজ্যোতি শইকীয়া
Updated: July 12, 2020 7:09 pm

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ষ্টাফ নাৰ্ছৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী জনাইছে সদৌ অসম নাৰ্ছ সন্থাই।

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই সাক্ষাৎকাৰ স্থগিত ৰখাৰ বাবে দাবী জনোৱাৰ কাৰণ দৰ্শাই সন্থাৰ সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই আমাৰ সাংবাদিকৰ আগত কয় “গুৱাহাটী বৰ্তমান কোভিড-১৯ ৰ হতস্পট হিচাপে চিহ্নিত হৈছে। এই সময়ত বা ভয়ংকৰ পৰিস্থিতিৰ মাজত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থীসকল আহি গুৱাহাটীত সমবেত হোৱাটো মুঠেও যুক্তি সংগত নহয়।”

অন্য এক কাৰণ দৰ্শাই দিহিঙীয়াই কয় “স্বাস্থ্য বিভাগে NHMৰ ষ্টাফ নাৰ্ছ আৰু চিকিৎসাকৰ্মীক ১০০ শতাংশ উপস্থিতি নিশ্চিত কৰি কৰ্তব্য সম্পাদন কৰাৰ নিৰ্দেশনা দিছে। ইয়াৰোপৰি ৰাজ্যৰ বহুসংখ্যক NHMৰ ষ্টাফ নাৰ্ছ পোনপটীয়াকৈ কোভিড-১৯ ৰোগীক চিকিৎসা কৰাৰ ক্ষেত্ৰত মনোনিবেশ কৰিছে আৰু বহুসংখ্যক কোৱাৰেন্টাইন হৈ আছে। বহুসংখ্যক নাৰ্ছ নিজে কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি NHM ৰ তথ্যতে প্ৰকাশ পাইছে। তেনে ক্ষেত্ৰত সাক্ষাৎকাৰত এইসকল ষ্টাফ নাৰ্ছ উপস্থিত থকাটো যুক্তিসংগত নহয়।”

ইপিনে, ক’ৰ’নাৰ এই আতংক উপশম নোহোৱা পৰ্যন্ত এই সাক্ষাৎকাৰ প্ৰক্ৰিয়া স্থগিত ৰাখি NHMত কৰ্মৰত নাৰ্ছসকলক জ্যেষ্ঠতাৰ ভিত্তিত অত্যন্ত প্ৰয়োজন হ’লে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৱেবচাইটৰ জৰিয়তে নিযুক্তি দিবলৈ তেওঁ স্বাস্থ্য সঞ্চালকক আহ্বান জনায়।

ইতিমধ্যে, সন্থাৰ তৰফৰ পৰা স্বাস্থ্য সঞ্চালকলৈ উপৰোক্ত আহ্বানসমূহ জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি দিহিঙীয়াই জানিবলৈ দিয়ে।

Related News