NORTHEAST NOW (Assamese)

হাজাৰ হাজাৰ জনতাৰ উপস্থিতিৰে CAA বাতিলৰ দাবীত পাঠশালাত আছুৰ বিশাল গণ সত্যাগ্ৰহ

December 18, 2019 3:44 pm · শশাংক তালুকদাৰ
Updated: December 18, 2019 3:45 pm
বজালীত আছুৰ গণ সত্যাগ্ৰহ

বজালী মহকুমা ছাত্ৰ সন্থাই বুধাৰে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে বিশাল গণ সত্যাগ্ৰহ মুকলি কৰে।

বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি দামোদৰ ৰয় সম্পাদক সমুদ্ৰ পাটগিৰিৰ নেতৃত্বত আৰম্ভ হোৱা গণ সত্যাগ্ৰহ কাৰ্য্যসূচীত পাঠশালাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৭০০০ লোকে অংশগ্ৰহণ কৰে।

পাঠশালা হৰি মন্দিৰ প্ৰাঙ্গনৰ পৰা আৰম্ভ হোৱা গণ সত্যাগ্ৰহ সমদলটো পাঠশালা চহৰৰ মাজেৰে বজালী মহকুমাধিপতিৰ কাৰ্য্যালয়লৈ যাত্ৰা কৰে।

সত্যাগ্ৰহীসকলে বজালী মহকুমাধিপতিৰ হাতত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নাগৰিকত্ব(সংশোধনী)আইন বাতিলৰ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সত্যাগ্ৰহীসকলে শান্তিপূৰ্ণভাৱে সমদল কৰি  ”হয় CAA বাতিল কৰক, নহলে আমাক গ্ৰেপ্তাৰ কৰক” ধ্বনিৰে সকলো স্তৰৰ ৰাইজক আইনখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

আছুৰ গণ সত্যাগ্ৰহ সমদলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বজাৰ সমিতি, প্ৰেছ গিল্ড, প্ৰেছ ক্লাৱ, ভট্টদেৱ বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ কনিষ্ঠ মহাবিদ্যালয়, অসম উন্নতি সভাৰ বজালী জিলা সমিতি, ৰঙালী বিহু সমিতিকে ধৰি ভালেমান দল, সংগঠনৰ বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।

Related News