NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শিৱসাগৰত আছুৰ গণ অৱস্থান কাৰ্যসূচী

March 14, 2020 7:19 pm · পাৰ্শ্বজ্যোতি গগৈ
অৱস্থান ধৰ্মঘটৰ ছবি, ফ'টো- পাৰ্শ্বজ্যোতি গগৈ

অসম চুক্তি উলংঘা কৰি অবৈধ হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, সাম্প্ৰদায়িক আৰু অ-সাংবিধানিক নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ বলপূৰ্বকভাৱে জাপি দিয়া কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ প্ৰতিবাদত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই  বৰাট জুয়েলাৰ্চৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনৰ ১১ বজাৰ পৰা ১ বজালৈ পালন কৰা এই গণ অৱস্থান কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ বুঢ়াগোহাঁই, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ শইকীয়া, সাধাৰণ সম্পাদক জিপম বৰাকে ধৰি শতাধিক আছু কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

কা’ আমি নামানো, সাম্প্ৰদায়িক বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, নিমাতি কন্যা সৰ্বানন্দ সোনোৱাল হায় হায়,  নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ”আমি কেন্দ্ৰীয় বিজেপি চৰকাৰক সকিয়াই দিব বিচাৰিছো যে, তেওঁলোকে অসমীয়া ৰাইজৰ আৱেগ অনুভূতিক নস্যাৎ কৰি  বলপূৰ্বকভাৱে এটা ফেচিষ্ট সিদ্ধান্ত জাপি দিছে, সেইয়া কেতিয়াও গ্ৰহণ কৰা নহব।”

নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজক সংগঠিত কৰি কা’ বিৰোধী আন্দোলনৰ ধাৰা আগবঢ়াই লৈ যাব।’

তেওঁ লগতে কয়,  ‘আমি ৰাইজক আহ্বান জনাইছো যিটো দলে আমাৰ আৱেগ অনুভূতিক নস্যাৎ কৰিছে, আমাৰ ভাষা সংস্কৃতিৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি আনিব খুজিছে সেই দলটোক অনাগত দিনত উচিত প্ৰত্যুত্তৰ দিব।’

অনাগত দিনত বিজেপি চৰকাৰে ইয়াতকৈও ভয়াৱহ আন্দোলনৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ সকিয়নি জনায় সমীৰণ ফুকনে।

Related News