NORTHEAST NOW (Assamese)

জলকেলি, অৱসৰ বিনোদন আৰু ঘোঁৰা বেপাৰ অন্ত! দিচাং এৰিলে কংগ্ৰেছী প্ৰাৰ্থীয়ে

April 25, 2021 4:25 pm · কল্পজ্যোতি শইকীয়া
Updated: April 25, 2021 4:28 pm

যোৱা ২২ এপ্ৰিলৰ পৰা সোণাপুৰস্থিত দিচাং ৰিজৰ্টত আৱদ্ধ হৈ আছিল কংগ্ৰেছৰ বহু প্ৰাৰ্থী।

অৱশেষত আজি দিচাং ৰিজৰ্ট এৰিলে আৱদ্ধ হৈ থকা সকলো কংগ্ৰেছ প্ৰাৰ্থীয়ে।

হৰ্ছ ট্ৰেডিঙৰ আশংকাত দিচাং ৰিজৰ্টত অৱসৰ বিনোদনৰ বাবে বিধায়ক প্ৰাৰ্থীসকলক ৰখা হৈছিল যদিও চাবুৱা সমষ্টিৰ বিধায়ক প্ৰাৰ্থী অজয় ফুকনকে ধৰি বহুকেইগৰাকী প্ৰাৰ্থীয়ে চুইমিঙ পুলত সাতুৰি-নাদুৰি, বিভিন্ন জলকেলি কৰি থকাৰ ফটো ইতিমধ্যে চ’ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

ভাইৰেল হোৱাৰ উপৰিও বহুতে তেওঁলোকক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

তেনে সময়তে আজি সোণাপুৰস্থিত দিচাং ৰিজৰ্ট ত্যাগ কৰিলে আৱদ্ধ হৈ থকা কংগ্ৰেছৰ প্ৰাৰ্থীসকলে। সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

গছত কঁঠাল ওঠত তেলৰ দৰে অহা ২ মে’লৈ অপেক্ষা নকৰি তাৰ পূৰ্বেই যেন দিচাং ৰিজৰ্টতে চৰকাৰ গঠন কৰিলে কংগ্ৰেছে। চৰ্চা চলিছে কোনে কি মন্ত্ৰীৰ দায়িত্ব ল’ব? এআইয়ুডিএফ বিপিএফক কি কি মন্ত্ৰীৰ দায়িত্ব দিব? মুখ্যমন্ত্ৰী-উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব কোনে ল’ব? এই সকলো সন্দৰ্ভত দিচাং ৰিজৰ্টত আলোচনা চলিছিল।

কিন্তু এই কথা একেবাৰেই মানি ল’ব খোজা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

দিচাং ৰিজৰ্টত হোৱা আলোচনা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ‘আজিৰে পৰা দিচাং ৰিজৰ্ট এৰিলো যিহেতু দিচাঙৰ কথা বিশেষ নকওঁ। মুখ্যমন্ত্ৰীকেন্দ্ৰিক কোনো সংঘাত কংগ্ৰেছত নাই। দিচাঙত মুখ্যমন্ত্ৰী কোন হ’ব সেই আলোচনাৰ বাবে থকা নাই।‘

দিচাঙত থকা চাৰিটা উদ্দেশ্য বাখ্যা কৰি বৰাই কয় ‘হৰ্ছট্ৰেডিঙ যদি হয় তাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? বিধায়কসকলক এই বিষয়ত চেন্টিটাইজ কৰিবৰ কাৰণে, দ্বিতীয়তে কোভিড পৰিস্থিতিত কংগ্ৰেছে কি ভূমিকা পালন কৰিব ৰাইজৰ মাজত? তৃতীয়তে কাউন্টিঙ কৌশল কেনেকুৱা হ’ব বা কাউন্টিঙ যাতে মেনুপ্যুলেট নহয় আৰু চতুৰ্থতে ২৩ হাজাৰ কোটি টকাৰ ঋণৰ বোজা নতুন চৰকাৰে ল’ব লাগিব সেয়া কেনেকৈ মোকাবিলা কৰিব পাৰি বা অসমৰ অৰ্থনীতি কেনেকৈ টনকিয়াল কৰি তুলিব পাৰি সেই সন্দৰ্ভত দিচাং ৰিজৰ্টত আলোচনা কৰা হৈছিল।‘

বৰাৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ’ল যে কংগ্ৰেছ মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দৃঢ় প্ৰতিজ্ঞ। কিন্তু ইয়াৰ ফলাফল ২ মে’হৰ দিনাই স্পষ্ট হৈ পৰিব।

Related News