NORTHEAST NOW (Assamese)

“কেব”ৰ তীব্ৰ বিৰোধিতা কৰিলে অৰুণাচলৰ সকলো দল-সংগঠনে

November 5, 2019 10:03 pm · ডেমিয়েন লেপচা
Updated: November 5, 2019 10:06 pm
উপদেষ্টা সমিতিখনৰ অধ্যক্ষ বামাং ফেলিক্স।

সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া উপদেষ্টা সমিতিৰ আজিৰ বৈঠকৰ সময়ত ৰাজ্যখনৰ প্ৰায় সকলো দল-সংগঠনে একমুখে বিধেয়কখনৰ বিৰোধিতা কৰে।

গৃহ মন্ত্ৰী বামাং ফেলিক্সৰ নেতৃত্বত থকা সমিতিখনে আজি বিভিন্ন সামাজিক সংস্থা আৰু সম্প্ৰদায় ভিত্তিক সংস্থা (চি বি অ’)ৰ সৈতে বৈঠক কৰিছিল।

দৰ্জী খাণ্ডু ৰাজ্যিক সন্মিলন কেন্দ্ৰত অনুষ্ঠিত বৈঠকখনত নেফা ইণ্ডিজেনাছ হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যন, অৰুণাচল প্ৰদেশ উইমেন ৱেলফেয়াৰ ছ’চাইটি আৰু আবুতানি ক্লেন-এও অংশগ্ৰহণ কৰে।

বৈঠকত ভাগ লোৱা আটাইবোৰ সংস্থা, সংগঠনেই অধ্যক্ষ ফেলিক্সক বিধেয়কখন সন্দৰ্ভত তেওঁলোকৰ তীব্ৰ বিৰোধৰ স্থিতি জানিবলৈ দিয়ে আৰু থলুৱা মানুহৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে সংকল্প প্ৰকাশ কৰে।

অৰুণাচল প্ৰদেশ উইমেন ৱেলফেয়াৰ ছ’চাইটিয়ে সকীয়া দি কয় যে এই বিধেয়কে খিলঞ্জীয়া লোকৰ ভৱিষ্যত প্ৰজন্মক ক্ষতি কৰিব।

“তাৰোপৰি নাগৰিকত্ব আইনখনৰ সংশোধনীটোৱে ধৰ্ম ভিত্তিক বৈষম্যৰ সৃষ্টি কৰিছে বুলি মত ৰাখি কয় যে ভাৰতৰ সংবিধানে ধৰ্মৰ ভিত্তিত বৈষম্য নানে। গতিকে ই দেখদেখকৈ ভাৰতৰ সংবিধানৰ উলংঘা”, মহিলা সংস্থাটোৱে কয়।

বিধেয়কখন আনিলে কমেও ১ লাখ চাকমা, তিব্বতী আৰু হাজং শৰণাৰ্থী ভাৰতীয় হৈ পৰিব বুলি মন্তব্য কৰি কয়, “ভাৰত চৰকাৰখন আঞ্চলিক উদ্বেগবোৰ সন্দৰ্ভত অনুভূতিশীল হ’ব লাগে”।

আটাইৰে মত শুনাৰ পিছত অধ্যক্ষ ফেলিক্সে সকলো স্বাৰ্থজড়িত পক্ষৰ মতক গুৰুত্ব দিহে সিদ্ধান্ত লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

চি বি অ’ৰ প্ৰতিনিধিসকলে অৰুণাচল ইণ্ডেজেনাছ ট্ৰাইবছ ফ’ৰামছৰ অধীনত অংশগ্ৰহণ কৰিছিল।

সমিতিখনৰ বৈঠক ৪ অক্টোবৰতো অনুষ্ঠিত হৈছিল।

Related News