NORTHEAST NOW (Assamese)

সাংবাদিকৰ ব্লেকমেইলিং; লাট মণ্ডলৰ পৰা আদায় কৰিলে ৫ লক্ষাধিক টকা!

September 12, 2019 3:02 pm · এন ই নাও নিউজ
Updated: September 12, 2019 3:03 pm

শিৱসাগৰত এইবাৰ সাংবাদিকৰ বিৰুদ্ধে উত্থাপন হৈছে ব্লেকমেইলিঙৰ অভিযোগ। অভিযুক্ত সাংবাদিকে এজন লাট মণ্ডলৰ পৰা ভাবুকি দেখুৱাই ৫ লাখতকৈ অধিক টকা আদায় কৰে।

অভিযোগ আনিছে শিৱসাগৰ ৰাজহ চক্ৰত লাট মণ্ডল হিচাপে কৰ্মৰত মাহমুদুল হাচানে। এই সম্পৰ্কত লোকজনে শিৱসাগৰ জিলা উপায়ুক্তক ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰিছে।

অভিযোগ অনুসৰি শিৱসাগৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত জকাইচুক মৌজাৰ ভৰলুৱা গাঁৱৰ শইকীয়া উপাধিৰ এগৰাকী মহিলাই মাটি বাটোৱাৰা কাম কৰি দিয়াৰ বাবদ মণ্ডলগৰাকীক ৫ হাজাৰ টকা ‘চাহ খাবলৈ’ দিছিল।

সেই সমস্ত ঘটনা মহিলা গৰাকীৰ স্বামী তথা নিজকে ৱেব মিডিয়াৰ সাংবাদিক বুলি পৰিচয় দিয়া ধ্ৰুৱজ্যোতি বৰা ভিডিঅ’ কৰি ৰাখিছিল আৰু ভিডিঅ ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে মণ্ডলজনৰ পৰা ৪৫ হাজাৰ টকা আদায় কৰে।

পৰৱৰ্তী সময়ত পুনৰ বৰাৰ সৈতে ৱেব মিডিয়াৰ সাংবাদিক বুলি পৰিচয় দিয়া ভড়ালী উপাধিৰ আন অগৰাকী মহিলা সাংবাদিক আহি মণ্ডলজনক ৰঙাঘৰত ভৰোৱাৰ ভয় দেখুৱাই তেওঁৰ পুনৰ ৫ লাখ টকা দাবী কৰে।

জেলত যোৱাৰ ভয়ত মণ্ডল গৰাকীয়ে বেংকৰ পৰা ব্যক্তিগত ঋণ লৈ ভড়ালী উপাধিৰ মহিলা সাংবাদিক গৰাকীৰ ঘৰত ৫ লাখ টকা দি থৈ আহে।

কিন্তু ইমানৰ পাছতো শান্ত হোৱা নাছিল দুয়োগৰাকী সাংবাদিক। পুনৰ তেওঁলোকে ৫০ হাজাৰ টকা বিচৰাত মণ্ডলগৰাকীয়ে উপায়হীন হৈ সমস্ত ঘটনাৰ বিষয়ে শিৱসাগৰ জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰে।

ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তই তদন্ত ঘোষণা কৰিছে আৰু দোষী ব্যক্তিয়ে আইনী শাস্তি পাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

জিলা উপায়ুক্তই মণ্ডলগৰাকীৰ অভিযোগ পত্ৰ আৰক্ষী অধীক্ষকক প্ৰদান কৰে আৰু ঘটনাৰ অনুসন্ধান কৰিবলৈ কয়। উক্ত ব্লেকমেইলিঙৰ ঘটনাই শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News