NORTHEAST NOW (Assamese)
অসম

ফটো “বিভ্ৰান্তি”ৰে বিজেপিৰ সমাৱেশত অধিক জনসমাগম প্ৰদৰ্শনৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2020 9:56 pm
Altnews finds anti-CAA rally photo shared by Himanta Biswa Sarma to be cropped

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ধেমাজিত অনুষ্ঠিত আছু আৰু বিজেপিৰ দুই সমাৱেশৰ ছবিৰ “বিভ্ৰান্তিকৰ” উপস্থাপনেৰে দলৰ সভাত অধিক জনসমাগম প্ৰদৰ্শনৰ চেষ্টা কৰিছে, ফেক্ট চেকিং ৱেবছাইট Altnewsৰ দাবী।

যোৱা ৮ আৰু ৯ জানুৱাৰিত ধেমাজিত এদিন অগাপিচাকৈ বিজেপি আৰু আছুৰ দুখন সমাৱেশ অনুষ্ঠিত হৈছিল।

আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে কা-বিৰোধিতাৰে সমাৱেশ অনুষ্ঠিত কৰাৰ বিপৰীতে শাসক দলটোৱে “ঐক্য সমদল”ৰ আয়োজন কৰিছিল।

জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই পোষ্ট কৰা সমাৱেশখনৰ এক ভিডিঅ’ আৰু আন কেইবাজনেও শ্বেয়াৰ কৰা ছবিসমূহৰ বিশ্লেষণ কৰি ৱেবছাইটটোৱে এই দাবী কৰিছে।

মন্ত্ৰী শৰ্মাই ধেমাজিত আছুৰ কা-বিৰোধী সমাৱেশ আৰু বিজেপিৰ “ঐক্য সমদল”ৰ দুখন ছবি একেলগে টুইটাৰত শ্বেয়াৰ কৰিছিল।

“সদৌ অসম ছাত্ৰ সন্থা (আছু)ই ৯ জানুৱাৰি, ২০২০ত আয়োজন কৰা ৰেলিৰ এক ভিডিঅ’ই স্পষ্টকৈ দেখুৱাইছে যে শৰ্মাই তুলনাৰ বাবে ব্যৱহাৰ কৰা ছবিখনে বাস্তৱতকৈ কম লোকৰ সমাৱেশ দেখুৱাইছে,” Altnewsৰ বাতৰিত প্ৰকাশ।

আছুৰ সম্পাদক লুৰিনজ্যোতি গগৈ আৰু আন কিছু লোকে শ্বেয়াৰ কৰা আছুৰ সমাৱেশৰ ছবি দাঙি ধৰি বাতৰিটোত কোৱা হৈছে যে শৰ্মাই বিভ্ৰান্তিকৰভাৱে ক্ৰপড ছবিখন তুলনা কৰিছে।

অসমত চলিত কা-বিৰোধী প্ৰতিবাদৰ মোকাবিলা কৰাৰ বাবে শাসক দলটোৱে বিভিন্ন ঠাইত “ঐক্য সমদল”ৰ আয়োজন কৰি আহিছে।

সভাখনত মন্ত্ৰী শৰ্মাই কৈছিল যে ধেমাজিৰ বৃহৎ সমাৱেশে পুনৰ বিজেপি শাসনলৈ অহাটো নিশ্চিত কৰিছে।

বিপৰীতে পিছদিনা অনুষ্ঠিত কা-বিৰোধী সমাৱেশৰ আয়োজকে তেওঁলোকৰ সমাৱেশত উপস্থিত লোকৰ সংখ্যা হিচাপ কৰি বিজেপিৰ সভাৰ সৈতে তুলনা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল টুইটাৰ হেণ্ডল OfficeofHBS (Assam)এ ফটোখনক “ক্ৰপড” নহয় বৰঞ্চ আছুৰ সমাৱেশৰ এক ভিডিঅ’ৰ স্ক্ৰীনশ্বট বুলি দেওবাৰে দাবী কৰিছে।

“এইটো অসমৰ আৱেগৰ এক সৎ আৰু সঠিক উপস্থাপন। আমি উক্ত টুইটটোৰ পক্ষত আছো। গুজৱ বন্ধ কৰক,” OfficeofHBS (Assam)ৰ টুইটত প্ৰকাশ।