NORTHEAST NOW (Assamese)
অসম

অসমত শীঘ্ৰে সলনি হ’ব নেতৃত্ব, মুখ্য মন্ত্ৰীও সলনি হ’ব পাৰে : নৱ কুমাৰ শৰণীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2020 7:58 am
naba_kumar_sarania2

“অসমত শীঘ্ৰে সলনি হ’ব নেতৃত্ব, হয়তো সলনি হ’ব মুখ্যমন্ত্ৰীও।” এই বিস্ফোৰক মন্তব্য কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই। লগতে তেওঁ কয় যে ৰাজ্য চৰকাৰৰ কাম–কাজক লৈ কেন্দ্ৰীয় চৰকাৰ সুখী নহয় সেয়েহে প্ৰধান মন্ত্ৰীয়ে দুবাৰকৈ ভ্ৰমণসূচী বাতিল কৰিলে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন মষিমূৰ আৰু বিপথে পৰিচালিত কৰিবলৈ বিজেপিৰ নাটক আৰু ষড়যন্ত্ৰ জড়িত থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে কোকৰাঝাৰৰ সাংসদজনে।

আনহাতে, হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি শৰণীয়াই কয় – আমাৰ হাতত বিটিচিৰ শাসকক জে’লত ভৰাব পৰা তথ্য আছে। অবড়োৰ চৰকাৰ আহিলে এনে নেতাক কাঠগড়াত থিয় কৰোৱা হ’ব।

বিপিএফক প্ৰত্যাহ্বান জনাই শৰণীয়াই কয় – সাহস আছে যদি আজিয়ে মাটিৰ পট্টা দিয়ক। ইফালে, বিপদ হ’ব বুলিয়ে হাগ্ৰামা মহিলাৰীয়ে নৱ শৰণীয়াৰ নাম নলয় বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।