দিল্লীৰ হিংসা; কৰ্তব্য পালনত দিল্লী আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ- অমৰ্ত্য সেন
উত্তৰ পূৱ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ সম্পৰ্কত মুখ খুলিছে নোবেল বিজয়ী অৰ্থনীতিবিদ অনৰ্ত্য সেনে।
সেনে কয় যে হিংসা ৰোধ কৰাত দিল্লী আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
দিল্লীত সংঘটিত হিংসাৰ ওপৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে কয় যে ‘দেশৰ ৰাজধানী দিল্লীত সংঘটিত এই হিংসাত্মক ঘটনাকলৈ মই বহুত চিন্তিত। হিংসাত্মক ঘটনাবোৰ য’ত সংঘটিত হৈছে তাত কেন্দ্ৰই শাসন কৰে। কম সংখ্যক মানুহ পীড়িত হোৱা এই হিংসাত্মক কাণ্ড নিয়ন্ত্ৰণত দিল্লী আৰক্ষী ব্যৰ্থ হৈছে। আৰক্ষীয়ে নিজৰ কৰ্তব্য পালনত চূড়ান্তৰূপত ব্যৰ্থ হৈছে, যিটো অতি চিন্তাৰ বিষয়।’
অমৰ্ত্য সেনে আৰু কয় যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এই হিংসাত এক বিশেষ ধৰ্মৰ লোক পীড়িত হৈছে। কম সংখ্যক লোক আক্ৰান্ত হ’লেও সেইসকল লোকক অতি নিশংস আৰু বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে। তাৰ মাজত শিশু আৰু মহিলাও হিংসাৰ বলি হৈছে।
অমৰ্ত্য সেনে আৰু কয় যে দিল্লীৰ যি অংশত হিংসা সংঘটিত হৈছিল সেই ঠাইত তেওঁ এসময়ত শিক্ষকতা কৰিছিল।এই ধৰণৰ হিংসা বন্ধ কৰিবলৈ আমি নিজেই ব্যৱস্থা ল’ব লাগিব। তেওঁ কয়।
সাম্প্ৰদায়িক হিংসাত পুৰুষতকৈ মহিলা বেছিকৈ আক্ৰান্ত হয় আৰু এই ক্ষেত্ৰত আমি আলোচনা কৰা উচিত বুলিও তেওঁ কয়। সমাজত মহিলাক দুৰ্বল বুলি প্ৰচলিত হৈ থকা ধাৰণাৰ বাবেই এই ধৰণৰ ঘটনাত মহিলাসকল বেছিকৈ আক্ৰান্ত হয়।
তেওঁ কয় যে হিংসাত পীড়িতসকলৰ প্ৰায়সকলেই মুছলমান। ধৰ্ম নিৰপেক্ষ দেশৰ নাগৰিক হিচাপে মই এই বিষয়ত অতি চিন্তিত হৈছো।